অসম

assam

ETV Bharat / state

ত্ৰিপুৰা আৰক্ষীয়ে নষ্ট কৰিলে ১০ লক্ষাধিক টকাৰ গাঞ্জা খেতি

ত্ৰিপুৰাৰ মধুপুৰত আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান। অভিযানত আৰক্ষীয়ে নষ্ট কৰিলে ১০ লক্ষাধিক টকাৰ গাঞ্জা খেতি । মধুপুৰৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত সহযোগ কৰে টিএছআৰৰ এটা দলে ।

By

Published : Dec 17, 2020, 3:13 PM IST

ত্ৰিপুৰা আৰক্ষীয়ে নষ্ট কৰিলে ১০ লক্ষাধিক টকাৰ গাঞ্জা খেতি
ত্ৰিপুৰা আৰক্ষীয়ে নষ্ট কৰিলে ১০ লক্ষাধিক টকাৰ গাঞ্জা খেতি

কৰিমগঞ্জ, ১৭ ডিচেম্বৰ: আৰক্ষীৰ চকুত ধূলি দি একাংশ অসাধু চক্ৰই ত্ৰিপুৰাত গাঞ্জা খেতি কৰি সমাজলৈ ভয়াৱহ বিপদ মাতি আনিছে । কেৱল খেতি কৰাই নহয়,এই গাঞ্জা বহিঃ ৰাজ্য়লৈ সৰবৰাহো কৰে ব্যৱসায়ীয়ে । বুধবাৰে এনে অসাধু চক্ৰৰ বিৰুদ্ধে ত্ৰিপুৰাৰ মধুপুৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলায় । অঞ্চলটোত এটা অসাধু চক্ৰই দীৰ্ঘদিন ধৰি নিষিদ্ধ গাঞ্জাৰ খেতি কৰা আৰু সৰবৰাহ অব্য়াহত ৰখাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ উত্থাপন কৰিছিল স্থানীয় একাংশ সচেতন লোকে ।

ত্ৰিপুৰা আৰক্ষীয়ে নষ্ট কৰিলে ১০ লক্ষাধিক টকাৰ গাঞ্জা খেতি

সেই অভিযোগৰ ভিত্তিতে অঞ্চলটোত বুধবাৰে আৰক্ষীৰ এটা দলে অভিযান চলায় । অভিযানৰ সময়চোৱাত আৰক্ষী বাহিনীয়ে প্ৰায় ৩টা প্লটত থকা নিষিদ্ধ গাঞ্জা খেতি উভালি,কাটি নষ্ট কৰে । নষ্ট কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য ১০ লাখ টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে ।

মধুপুৰৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত সহযোগ কৰে টিএছআৰৰ এটা দলেও । কিন্তু ৰহস্য়জনকভাৱে এই খেতি কোনে কৰিছিল অথবা ইয়াৰ লগত কোন জড়িত সেয়া পোহৰলৈ অহা নাই । আৰক্ষীৰ সঠিক অভিযানতহে পোহৰলৈ আহিব ঘটনাৰ লগত জড়িত ব্য়ক্তিৰ নাম ।

লগতে পঢ়ক:শাসকৰ শোষণ বঞ্চনাই বজাইছে সাধাৰণ লোকৰ মৃত্যুৰ ঘন্টা

ABOUT THE AUTHOR

...view details