কৰিমগঞ্জ, 27 জুলাই : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ নীতি-নিৰ্দেশনা তথা স্বাস্থ্যবিধি মানি চলাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো ব্যাপক হাৰত বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ৰাজ্যখনত কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে শেহতীয়াকৈ চৰকাৰে পুনৰ ৰাজ্যখনত তিনিদিনৰ বাবে লক ডাউন ঘোষণা কৰিছে ৷
চৰকাৰে জাৰি কৰা নীতি অনুসৰি,কেৱল মাত্ৰ প্ৰয়োজনীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৷ লগতে, প্ৰয়োজনীয় সামগ্ৰীৰ লগত জড়িত বাহন সমূহ চলাচল কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে আন সকলো বাহন চলাচলত তিনিদিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে ৷