অসম

assam

ETV Bharat / state

সেউজ বিপ্লৱেৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা সীমা সুৰক্ষা বাহিনীৰ

গোলকীয় উষ্ণতা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত এটা এন জি অ'ৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বি এছ এফে |

By

Published : May 19, 2019, 5:09 PM IST

সেউজ বিপ্লৱেৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা সীমা সুৰক্ষা বাহিনীৰ

কৰিমগঞ্জ,19 মে' : আন্তঃৰাষ্ট্ৰীয় সীমান্তত গছপুলি ৰোপণ সীমা সুৰক্ষা বাহনীৰ ৷ গোলকীয় উষ্ণতা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত এটা এন জি অ'ৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বি এছ এফে |

সেউজ বিপ্লৱেৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা সীমা সুৰক্ষা বাহিনীৰ

এই অনু্ষ্ঠানত সেউজ বিপ্লৱৰ অংশ হিচাপে তেওঁলোকে সীমান্তত দুই হাজাৰ গছপুলি ৰোপণ কৰি আছে বুলি মন্তব্য কৰে বি এছ এফৰ এজন অধিকাৰীয়ে ৷ কেৱল এয়াই নহয়,এনে কাৰ্যসূচী আগন্তুক দিনতো অব্যাহত ৰাখি সীমান্ত সেউজ কৰি তুলিব বুলিও কয় অধিকাৰীজনে | অত্যধিক গছপুলি ৰোপণৰ জৰিয়তে এক বিশ্ব অভিলেখ গঢ়াৰো চেষ্টা চলাই আছে বুলি জনায় সীমা সুৰক্ষা বাহনীৰ আধিকাৰীগৰাকীয়ে |

ABOUT THE AUTHOR

...view details