কৰিমগঞ্জ,7 এপ্ৰিল: কৰিমগঞ্জৰ লামাজুয়াৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । লামাজুয়াৰত যাত্ৰীবাহী ৰে’লৰ সৈতে ৱেগনাৰৰ সংঘৰ্ষ । দুৰ্ঘটনাটোত মৃত্যু হৈছে বাহনৰ গৰাকী 30 বছৰীয়া ছাহিদুল আলমৰ ৷ AS 01 AM 4787 নম্বৰৰ বাহনখন উন্মুক্ত ৰে’ল ক্ৰচিং পাৰ হোৱাৰ সময়ত নামুনিমুৱা কাঞ্চনজংঘা-আগৰতলা যাত্ৰীবাহী ৰে’লখনে প্ৰচণ্ড বেগেৰে বাহনখনত খুন্দা মাৰে ৷
কৰিমগঞ্জত ৰে’ল-ৱেগনাৰৰ মাজত সংঘৰ্ষ - শিলচৰ মেডিকেল কলেজ হস্পিটেল
কৰিমগঞ্জৰ লামাজুয়াৰত যাত্ৰীবাহী ৰে’লৰ সৈতে ৱেগনাৰৰ সংঘৰ্ষ । দুৰ্ঘটনাটোত মৃত্যু হৈছে বাহনৰ গৰাকী ছাহিদুল আলমৰ ৷ AS 01 AM 4787 নম্বৰৰ বাহনখন উন্মুক্ত ৰে’ল ক্ৰচিং পাৰ হোৱাৰ সময়ত নামুনিমুৱা কাঞ্চনজংঘা-আগৰতলা যাত্ৰীবাহী ৰে’লখনে প্ৰচণ্ড বেগেৰে বাহনখনত খুন্দা মাৰে ৷
উন্মুক্ত ৰে’ল ক্ৰচিং পাৰ হোৱাৰ সময়তে ৱেগনাৰখনৰ ঘটিছিল যান্ত্ৰিক বিজুতি । সংঘৰ্ষৰ ফলত সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন । ঘটনাৰ পাচত স্থানীয় লোকৰ সহযোগিতাত ছাহিদুল আলমক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ । হাস্পতালত ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতেই মৃত্যু হয় ছাহিদুলৰ । ঘটনাস্থলীত ইতিমধ্যে বদৰপুৰ ৰে’ল আৰক্ষীৰ এটা দল উপস্থিত হৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক :বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত আহত ছয়