অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত উত্তেজনাপূৰ্ণ পৰিৱেশ

কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত এগৰাকী মহিলা কৰ্মচাৰীক কুপ্ৰস্তাৱ দিয়াৰ অভিযোগত সহকাৰী মেনেজাৰ সন্দিপন দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । কৰ্মচাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত বহুসংখ্যক লোক গোট খোৱাত উত্তেজিত হৈ পৰে পৰিবেশ ।

KARIMGANJ VISHAL MEGA MART

By

Published : Mar 17, 2019, 11:09 PM IST

কৰিমগঞ্জ, 17 মাৰ্চ: কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত এগৰাকী মহিলা কৰ্মচাৰীক কুপ্ৰস্তাব দিয়াৰ অভিযোগত সহকাৰী মেনেজাৰ সন্দিপন দাসৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰে উপস্থিত ৰাইজ । ঘটনাৰ বিৱৰণী অনুসৰি বিশালত কৰ্মৰত এগৰাকী দুখীয়া পৰিয়ালৰ মহিলা কৰ্মচাৰীক যোৱা সপ্তাহত কোনো কাৰণত চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল । সন্দিপন দাসক চাকৰি বাহাল ৰখাৰ বাবে অনুৰোধ কৰাৰ সুযোগ বুজি সহকাৰী মেনেজাৰজনে মহিলা কৰ্মচাৰীগৰাকীক কুপ্ৰস্তাব দিয়ে | কৰ্মচাৰীগৰাকীয়ে এই বাৰ্তালাপ মোবাইলত ৰেকৰ্ড কৰি ৰাখে আৰু পৰিয়ালক জনায় ।

কৰিমগঞ্জৰ বিশাল মেগা মাৰ্টত উত্তেজনাপূৰ্ণ পৰিৱেশ

অৱশেষত প্ৰতিবেশী বহু যুবক আহি বিশালৰ সম্মুখত হৈ - ছৈ লগোৱাত পৰিস্থিতি বিষম দেখি বিশাল কৰ্তৃপক্ষই মলটো বন্ধ কৰি দিয়ে । অভিযুক্ত সহকাৰী মেনেজাৰজনে এখন হোটেলত সোমাই আত্মগোপন কৰে যদিও পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | সন্দিপনে প্ৰতিষ্ঠানৰ আন কেইবাগৰাকী কৰ্মচাৰীকো এনে প্ৰস্তাব দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগীয়ে |

ABOUT THE AUTHOR

...view details