অসম

assam

By

Published : Jun 22, 2020, 11:56 AM IST

ETV Bharat / state

বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত কৰিমগঞ্জ আৰক্ষীৰ

চোৰৰ দলটোৱে চুৰি কৰা বাইকৰ ইঞ্জিনৰ লগতে অন্য়ান্য় যন্ত্ৰাংশ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ চুৰি কৰা বাইক বৈধ বনোৱাৰো কাৰ্যটো চোৰৰ দলটো লিপ্ত হৈছিল বুলি জানিব পৰা হৈছে ৷

THREE THIEF ARRESTED IN KARIMGANJ
বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত কৰিমগঞ্জ আৰক্ষীৰ

কৰিমগঞ্জ, 22 জুন: বৰাক উপত্যকাত বিগত কেইবাদিনৰ পৰা সক্ৰিয় হৈ থকা বাইক চোৰৰ এটা চক্ৰক দেওবাৰে আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে ৷ বৰাকৰ তিনিখন জিলাৰ পৰা বিগত কেইদিনৰ ভিতৰত চোৰৰ দলটোৱে সংঘটিত কৰিছে কেইবাখনো বাইক চুৰিৰ ঘটনা । চোৰৰ দলটোৱে যোৱা ১ জুনত শিলচৰ এগৰাকী বিজেপি নেতাৰ ঘৰৰ পৰা এখন বুলেট বাইক আৰু স্কুটিৰ লগতে আন চাৰিখন বাইক চুৰ কৰি নিছিল । ইয়াৰ পাছতে বিজেপি নেতাৰ হেঁচাত তৎপৰ হয় শিলচৰ আৰু কৰিমগঞ্জ আৰক্ষী ।

বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত কৰিমগঞ্জ আৰক্ষীৰ

আৰক্ষীৰ দলটোৱে বিগত তিনিদিন ধৰি অভিযান চলাই শিলচৰ,বদৰপুৰ,হাইলাকান্দিৰ পৰা চুৰি হোৱা আঠখন বাইক উদ্ধাৰ কৰাৰ লগতে আটক কৰে তিনি চোৰক ৷ আটকাধীন চোৰকেইটা ক্ৰমে কমৰুল হুছেইন, তাজ উদ্দিনআৰুআনোৱাৰ হুছেইন । জানিব পৰা মতে বাইক চোৰৰ দলটোৱে চুৰি কৰা বাইকৰ ইঞ্জিনৰ লগতে অন্য়ান্য় যন্ত্ৰাংশ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ চোৰকেইটাক আটক কৰাৰ এদিন পূৰ্বে কৰিমগঞ্জ জিলাৰ ভাংগাৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা বিএছএফে এখন বাইকৰ ইঞ্জিনসহ আন আন যন্ত্ৰাংশ উদ্ধাৰ কৰি বদৰপুৰ থানাত চমজাই দিছিল । এই কথাৰ সত্যতা কিছু পৰিমাণে হ'লেও স্বীকাৰ কৰে কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষী অধীক্ষক ভোলৰাম টেৰঙে । তদুপৰি আটক হোৱা চোৰকেইটাৰ ভাষ্য অনুসৰি দলটোৱে অএলএক্সৰ পৰা এফিডেভিটৰ জৰিয়তে বাইক ক্ৰয় কৰিছে । চোৰৰ দলটোৱে চুৰি কৰা বাইক বৈধ বনোৱাৰো ষড়যন্ত্ৰটো লিপ্ত হৈছিল বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক: ধুবুৰীত কোৱাৰেণ্টাইন কেন্দ্ৰত আত্মহত্যা এজনৰ

ABOUT THE AUTHOR

...view details