কৰিমগঞ্জ, 20 জুনঃ শুকুৰবাৰে নিশা কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ পৰা পলায়ন তিনিজনকৈ কাৰাবন্দীয়ে ৷ এই বিষয়ে সংবাদ মাধ্যামৰ আগত সদৰি কৰে কাৰাগাৰখনৰ দায়িত্বত থকা অধীক্ষকে ৷ পলায়ন কৰা কাৰাবন্দী তিনিজনৰ ভিতৰত এজন আছিল হোজাইৰ ৷ হত্যাকাণ্ড আৰু ভিন্ন পুৰণি গোচৰৰ ভিত্তিত কৰায়ত্ব কৰা হৈছিল পলাতক কাৰাবন্দী জনক ৷ আন দুজন পলাতক কাৰাবন্দীক চোৰ কৰাৰ অভিযোগত কৰায়ত্ব কৰা হৈছিল ৷ দুয়োজন কৰিমগঞ্জৰ বাজাৰিছড়া আৰু হাফানিয়াৰ বুলি জানিব পৰা গৈছে ৷ পলাতক কাৰাবন্দী কেইজনৰ নাম ক্ৰমে ফয়জুৰ ৰহমান, ওৱাহিদ আলী আৰু মুছকান আলী ৷
কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা তিনিজনকৈ কাৰাবন্দীৰ পলায়ন - karimganj district jail
কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ পৰা শুকুৰবাৰে নিশা তিনিজনকৈ কাৰাবন্দীয়ে পলায়ন কৰে ৷ পলাতক কাৰাবন্দী কেইজন ফয়জুৰ ৰহমান,ওৱাহিদ আলী আৰু মুছকান আলী বুলি জানিব পৰা গৈছে ৷
চৰকাৰী নিৰ্দেশ অনুসৰি আটাকেইজন কাৰাবন্দীক 14 দিনৰ বাবে জেলৰ ভিচৰতে আছুতীয়া কক্ষত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে সেই কোঠাৰ খিৰিকী ভাঙি কাৰাগাৰৰ ওপৰেৰে পলাই যাবলৈ সক্ষম হয় ৷ 1889 চনতে নিৰ্মাণ হোৱা এই কাৰাগাৰ যিহেতু বহু পুৰণি আৰু কাৰাগাৰৰ দেৱালৰ কাষতে এটা অট্টালিকা থকা হেতুকে, কাৰাবন্দী কেইজনে দেৱালেৰে বগাই জাপ দি পলায় বুলি উল্লেখ কৰে কাৰাগাৰখনৰ অধীক্ষক গৰাকীয়ে ৷ আনহাতে অধীক্ষক গৰাকীয়ে উল্লেখ কৰা অনুসৰি কাৰাগাৰখনত নাই পৰ্যাপ্ত চিপাহী ৷