আগৰতলা, 23 এপ্ৰিলঃ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে ৷ দেশৰ 13খন ৰাজ্যৰ লগতে 2খন কেন্দ্ৰীয় শাসিত অঞ্চলত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
ত্ৰিপুৰাত অব্যাহত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ - Third Phase Poll
সমগ্ৰ দেশৰ 13খন ৰাজ্য আৰু 2 কেন্দ্ৰীয় শাসিত অঞ্চলত চলি আছে তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ ভোটদান প্ৰক্ৰিয়াত দেশৰ লগতে ত্ৰিপুৰাটো ভোটাৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে ৷
![ত্ৰিপুৰাত অব্যাহত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3081321-thumbnail-3x2-0.jpg)
ত্ৰিপুৰাত আজি অন্তিম পৰ্যায়ত ভোট অনুষ্ঠিত হৈ আছে ৷ ৰাজ্যখনৰ পূব ত্ৰিপুৰা আসনৰ 4গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব প্ৰায় 12 লাখ ভোটাৰে ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷ পূব ত্ৰিপুৰা আসনৰ বাবে বিজেপি প্ৰাৰ্থী ৰেৱতী মোহন ত্ৰিপুৰা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰগা দেৱ বৰ্মা, আইপিএফটি প্ৰাৰ্থী এন চি দেৱ বৰ্মা আৰু চি পি আই এম প্ৰাৰ্থী জিতেন্দ্ৰ চৌধুৰীৰ ভাগ্য নিৰ্ধাৰণ কৰিব এইসকল ভোটাৰে ৷ ভোটগ্ৰহণক লৈ ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ আছে ৷ এতিয়ালৈকে কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই ৷