অসম

assam

ETV Bharat / state

আংশিক লক ডাউনৰ মাজতে কৰিমগঞ্জত চোৰৰ তাণ্ডৱ - আংশিক লকডাউন

মঙলবাৰে নিশা কৰিমগঞ্জ চহৰত চোৰে চলালে তাণ্ডৱ ৷ মন্দিৰৰ লগতে মছজিদতো চুৰে চলালে চাফাই অভিযান ৷

thief-activity-during-curfew
আংশিক লকডাউনৰ মাজতে কৰিমগঞ্জত চোৰৰ তাণ্ডৱ

By

Published : Jun 9, 2021, 2:24 PM IST

কৰিমগঞ্জ,9 জুন : আংশিক লক ডাউন অব্যাহত থকা অবস্থাত কৰিমগঞ্জ চহৰৰ কেইবাটাও স্থানত চোৰে চলালে চাফাই অভিযান । চোৰৰ তাণ্ডৱৰ পৰা পূজাস্থলী, মছজিদ একোৱেই সাৰি নগ’ল ৷

মঙলবাৰে নিশা চহৰখনৰ চৰ বজাৰ, ছেটেলমেণ্ট আদি এলেকাৰ কেইবাখনো দোকান, মছজিদৰ দানপত্ৰত হাত দিয়াৰ উপৰি ইমামৰ ঘৰতো চুৰিৰ ঘটনা সংঘটিত হয় । চোৰে ইমামৰ ঘৰৰ পৰা তলা ভাঙি লৈ যায় বহু মূল্যবান সামগ্ৰী । একেদৰে চৰ বজাৰ এলেকাত এগৰাকী লোকৰ ঘৰৰ পূজাস্থলীত প্ৰৱেশ কৰি তলা ভাঙি চোৰে লৈ যায় সোণ-ৰূপৰ আ-অলংকাৰ ।

আংশিক লক ডাউন চলি থকা অৱস্থাত চোৰৰ চাফাই অভিযানৰ বাবে আৰক্ষীৰ ভূমিকাক লৈ সম্প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় লোকে । অৱশ্যে মন্দিৰৰ লগতে মছজিদতো চুৰি কৰি চোৰে সমতা অটুট ৰখাৰ চেষ্টা কৰিছে বুলিও একাংশই ব্যংগ কৰিছে ।

লগতে পঢ়ক :হোজাইৰ উচ্ছেদিত লোকৰ কাষত আমছু নেতৃবৰ্গ

ABOUT THE AUTHOR

...view details