কৰিমগঞ্জ, ২২ছেপ্টেম্বৰ: আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজ্যত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত চলাইছে চোৰে লুটপাত (Rise in theft and robbery cases in Assam) । এইবাৰ কৰিমগঞ্জ চহৰৰ শিক্ষানুষ্ঠানত চুৰিকান্ড ৷ চোৰৰ চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷ এই ঘটনাক লৈ সচেতন মহলৰ চকু কপালত উঠিছে ৷
কৰিমগঞ্জ চহৰৰ মাজমজিয়াত থকা শিক্ষানুষ্ঠানত এতিয়া চোৰৰ নজৰ(Theft in educational institute of Karimganj) । চহৰৰ ষ্টেট বেংকৰ সমীপত থকা বিবেকানন্দ কলেজ অৱ ইডুকেশ্বন নামৰ শিক্ষানুষ্ঠানখনত চোৰে চলালে চাফাই অভিযান । চুৰিকান্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে শিক্ষানুষ্ঠানখনত থকা চিচি টিভি কেমেৰাত । দিনৰ পোহৰত শ্ৰেণীকোঠাত পাঠদান চলি থকা সময়তে সংঘটিত হৈছে এই চুৰিকান্ডৰ ঘটনা ।