কৰিমগঞ্জ, 30মে':যিসময়ত চৰকাৰে ইটোৰ পিছত আনটো কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰি গৈছে তেনে সময়তে কোৱাৰেণ্টাইন চেণ্টাৰসমূহত দেখা পোৱা গৈছে বিভিন্ন বিসংগতি ৷ ইয়াৰ উপৰিও চৰম দুৰৱস্থাৰ বাবে বিভিন্ন স্থানত সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতিও ৷ তেনে এক দৃশ্য দেখা যায় কৰিমগঞ্জত ৷ জানিব পৰা মতে, বহিঃৰাজ্যৰ পৰা অহা 63 গৰাকীকৈ লোকক কৰিমগঞ্জৰ ফকিৰাবজাৰৰ এম কে গান্ধী কলেজত থকা কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ ব্যৱস্থা কৰিছিল জিলা প্ৰশাসনে । যাৰ বাবে গঢ়ি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থাও ৷ কিন্তু স্থানীয় লোকৰ অভিযোগ, কোৱাৰেণ্টাইন চেণ্টাৰটোত নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ পিছতো কোৱাৰেণ্টাইনত থকা লোকলসকল বাহিৰলৈ ওলাই অহাৰ লগতে মুকলিকৈ ঘূৰি ফুৰে অঞ্চলটোত ৷ এতিয়া তেওঁলোকক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ৷ এইক্ষেত্ৰত প্ৰশাসনক যোগাযোগ কৰা হৈছে যদিও কোনোধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ ৰাইজৰ ৷ অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে আতংকিত ৰাইজে ৷
কৰিমগঞ্জৰ কোৱাৰেণ্টাইন চেণ্টাৰত অপ্ৰীতিকৰ পৰিস্থিতি - অপ্ৰীতিকৰ পৰিস্থিতি
কোৱাৰেণ্টাইন চেণ্টাৰটোত নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ পিছতো কোৱাৰেণ্টাইনত থকা লোকসকল বাহিৰলৈ ওলাই অহাৰ লগতে মুকলিকৈ ঘূৰি ফুৰে অঞ্চলটোত ৷ যাৰ বাবে এতিয়া তেওঁলোকক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ৷
জিলাখনৰ মাইজগ্ৰামত অৱস্থিত পলিটেকনিক কলেজৰ কোৱাৰেন্টাইন চেণ্টাৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ কোৱাৰেণ্টাইনত থকা লোকসকলৰ অভিযোগ, তেওঁলোকে লাভ কৰা নাই পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সামগ্ৰীৰ লগতে সুবিধাসমূহ ৷ আনকি কোৱাৰেণ্টাইন চেণ্টাৰটোত খাদ্য-সামগ্ৰীৰ নামত বিভিন্ন অনিয়ম হোৱাৰো অভিযোগ কৰে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকলে ৷ অৱশেষত কোৱাৰেণ্টাইন চেণ্টাৰটোত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বিজেপিৰ কেইবাগৰাকীও নেতাৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰু পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সামগ্ৰী দিয়াৰো অশ্বাস দিয়ে ৷
লগতে পঢ়কঃৰেন'ল্টে কৰ্তন কৰিব 15000 চাকৰি