অসম

assam

ETV Bharat / state

"মে ভি চকীদাৰ" বনাম বাস্তৱৰ চকীদাৰ

বিজেপি নেতৃত্বই চকীদাৰ শব্দ ব্যৱহাৰেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ যোৱাৰ সময়তে বাস্তৱ জীৱনত একাংশ চকীদাৰে চলাই গৈছে জীৱন সংগ্ৰাম

Breaking News

By

Published : Apr 1, 2019, 7:39 PM IST

কৰিমগঞ্জ, 1 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূ্ৰ্বে এইবেলি দেশজুৰি চৰ্চাত চকীদাৰৰ প্ৰসংগ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপি নেতা কৰ্মীৰ মাজত এতিয়া জনপ্ৰিয় শব্দটোৱেই হ'ল চকীদাৰ ৷ প্ৰধানমন্ত্ৰীকে ধৰি দলটো উচ্চ পৰ্যায়ৰ নেতাৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীলৈ সকলোৰে নামৰ আগত এতিয়া চকীদাৰ শব্দ মাথো ৷ দেশৰ আজন্ম প্ৰহৰী হৈ দেশ ৰক্ষা কৰি যাব বুলি "মে ভি চকীদাৰ" শ্ল'গান আওৰাই নিৰ্বাচনৰ পূৰ্বে এতিয়া ভোট ভিক্ষাত ব্যস্ত বিজেপিৰ নেতৃত্ব । কিন্তু বিজেপিৰ এই চকীদাৰৰ সোঁতৰ বিপৰীতে একাংশ বাস্তৱ চকীদাৰ তথা প্ৰহৰী ৷ প্ৰকৃততেকিদৰে জীয়াই আছে এইসকল একো একোজন চকীদাৰ ?

চকীদাৰৰ কাহিনী

এইয়া কৰিমগঞ্জৰ লংগাই চাহ বাগিছাৰ একাংশ চকীদাৰৰ জীৱন কাহিনী ৷ কেৱল মাত্ৰ মাহত দুই-তিনি হাজাৰ টকা হাজিৰা আৰু কোৱাৰ্টাৰৰ নামত এটা জহি খহি যোৱা ঘৰতেই থাকি কৰিবলগীয়া হৈছে জীৱন সংগ্ৰাম ৷ এওঁলোক মাথো এটা এটা উদাহৰণহে ৷ দেশ তথা ৰাজ্যত হয়তো এনে লাখ লাখ চকীদাৰ আছে যি অশেষ কষ্ট ত্যাগ কৰিও উপযুক্ত মজুৰীৰ অভাৱত যুঁজ কৰি গৈছে জীৱনৰ সৈতে ৷

ABOUT THE AUTHOR

...view details