অসম

assam

ETV Bharat / state

লংগাই নৈত বিষক্ৰিয়াত মৃত্যু বহু মাছ - The huge fish was formed in the Longai River

উৰুকাৰ ৰাতিপুৱা কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ যোৱা লংগাই নৈত ভয়ংকৰ কাণ্ড ৷ পুৱাৰ ভাগত কোনো অজ্ঞাত লোকে বিহ ঢালিলে নৈৰ বুকুত ৷

লংগাই নৈত ভাঁহি উঠিল প্ৰকাণ্ড প্ৰকাণ্ড মাছ
লংগাই নৈত ভাঁহি উঠিল প্ৰকাণ্ড প্ৰকাণ্ড মাছ

By

Published : Jan 13, 2021, 3:32 PM IST

কৰিমগঞ্জ, 13 জানুৱাৰী: উৰুকাৰ উখল মাখল পৰিৱেশৰ মাজতে কৰিমগঞ্জত ভয়ংকৰ কাণ্ড ৷ কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ যোৱা লংগাই নৈত বিহ ঢালিলে কোনো অজ্ঞাত লোকে ৷ পুৱাৰ ভাগত মৃত মাছ নৈত ভাঁহি উঠা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ উৰুকাৰ ৰাতিপুৱা নৈত মাছ দেখি হেতা ওপৰা লগাই নৈপৰীয়া লোকসকলে ৷ প্ৰথম অৱস্থাত দক্ষিণ কৰিমগঞ্জৰ ধলছড়া এলেকাত মৃত মাছ দেখিছিল যদিও পাচলৈ নদীখনৰ অধিক অঞ্চলত মৃত মাছ প্ৰত্যক্ষ কৰে আন ঠাইৰ লোকসকলে ৷

লংগাই নৈত ভাঁহি উঠিল প্ৰকাণ্ড প্ৰকাণ্ড মাছ

উল্লেখ্য যে, পুৱাৰ ভাগত নদীৰ মাছ ধৰি বহুলোকে বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰিছিল ৷ প্ৰকাণ্ড প্ৰকাণ্ড মাছ নদীত ভাঁহি উঠাত উৰুকাৰ বজাৰত বিক্ৰীৰ বাবে উঠি পৰি লগাই লোকসকলে ৷ কিন্তু নদীত কোনো লোকে বিহ ঢলাৰ কথা পোহৰলৈ অহাৰ পাচতে এতিয়া চিন্তিত হৈ পৰিছে লোকসকল ৷ স্থানীয় লোকে ঘটনা সন্দৰ্ভত অনুসন্ধান কৰিছে যদিও কোনে এই কাৰ্য সংঘটিত কৰিলে এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:ৰঙাপৰাৰ দৈনিক বজাৰত উভৈনদী বিভিন্ন প্ৰজাতিৰ মাছ

ABOUT THE AUTHOR

...view details