কৰিমগঞ্জ,2 6 জুলাই : দেওবাৰে নিশা কৰিমগঞ্জ শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ দুজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনা ৷ উত্তেজিত ৰাইজে ভাঙি তহিলং কৰে হাস্পতালখনৰ আচবাব ৷
শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত উত্তেজনা উত্তেজিত ৰাইজৰ অভিযোগ হাস্পতাল কতৃপক্ষৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাইছে দুই যুৱকে ৷ মৃত দুই যুৱক হৈছে বিশাল নাথ আৰু দীপাজন ঘোষ ৷ কেৱল হাস্পতাল খনৰ আচবাবে ভঙাই নহয়, দুই যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল কতৃপক্ষকো প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে হাস্পতাল কতৃপক্ষই ৷
ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে নিশা প্ৰায় 12 বজাত কৰিমগঞ্জৰ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ বদৰপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাছ ষ্টেণ্ডৰ সমীপতে দুখন বাইকৰ মুখামুখি সংঘর্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ এই পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হয় দুই বাইক আৰোহী ৷
লগতে পঢ়ক : নিচাসক্ত পুত্ৰই আক্ৰমণ চলালে পিতৃ-মাতৃক
স্থানীয় ৰাইজৰ তৎপৰতাত দুই বাইক আৰোহীক ততাতৈয়াকৈ শ্ৰীগৌৰী সামূহিক চিকিৎসালয়লৈ লৈ অনা হয় ৷ চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে দুৰ্ঘটনাত পতিত ব্যক্তি দুজনক ৷ ইয়াৰ পাচতেই এক হুলস্থুলীয়া পৰিৱেসৰ সৃষ্টি হয় হাস্পতালখনত ৷ ৰাইজৰ অভিযোগ চিকিৎসালয় কতৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যুক সাৱটিলে বিশাল নাথ আৰু দীপাজন ঘোষে ৷
শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত উত্তেজনা দুই ব্যক্তিৰ মৃত্যক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে হাস্পতাখন ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় কৰিমগঞ্জ আৰক্ষী ৷ কিন্তু উত্তেজিত লোকে আৰক্ষী আৰু হাস্পতাল কতৃপক্ষকো আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে উত্তেজিত ৰাইজৰ এপৰত লাঠিচালনা কৰিবলৈ বাধ্য হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷
লগতে পঢ়ক :আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু