কৰিমগঞ্জ,27 মাৰ্চ: শনিবাৰে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পূৰ্ণদ্যমে চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে বৰাকত আহি উপস্থিত হৈছে বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱ ৷ বৰাকৰ ৰাতাবাৰী, ধলাই আৰু লক্ষীপুৰ সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই যাদৱে ৷
ৰাতাবাৰীত শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেজস্বী যাদৱৰ - Assam assembly election
শনিবাৰে ৰাতাবাৰীৰ পাতিফিল্ডত কংগ্ৰেছ প্ৰাৰ্থী শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে ৷
শনিবাৰে দিনৰ 11.15 বজাত কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত পাতিফিল্ডত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় তেজস্বী যাদৱে ৷ কংগ্ৰেছ প্ৰাৰ্থী শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিহাৰ বিধানসভাৰ বিৰোধী দলপতি গৰাকীয়ে ৷ সভাত ভাষণ প্ৰদান কৰি তেজস্বী যাদৱে কয় যে, বিগত পাঁচ বছৰে বিজেপি চৰকাৰখনে অসমৰ ৰাইজক কেৱল প্ৰৱঞ্চনা কৰি আহিছে ৷ প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকে ধৰি এই চৰকাৰখনৰ দিনতে অসমত নিবনুৱা সমস্যাও বৃদ্ধি পাইছে ৷ কিন্তু এইবেলি অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাজ্যৰ 5 লাখ নিৱনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ বাবে তেওঁ কংগ্ৰেছক ভোটদান কৰিবলৈ সকলোকে আহ্বান জনায় ৷