অসম

assam

ETV Bharat / state

পাথাৰকান্দিত তীৰৰ অবৈধ বেহাঃ আটক 2 বুকী

ৰাইজৰ অভিযোগ অনুসৰি পাথাৰকান্দি সমষ্টিৰ য'তে-ততে তীৰ,জুৱা খেলৰ মুকুলি বেহা চলিছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক সেইকাৰণে সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি গৈছে এনে ধৰণৰ অপৰাধসমূহ।

By

Published : Jul 3, 2019, 7:44 AM IST

Updated : Jul 3, 2019, 8:42 AM IST

পাথাৰকান্দিত তীৰৰ অবৈধ বেহা

পাথাৰকান্দি, 3 জুলাইঃতীৰ খেলৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে পাথাৰকান্দি আৰক্ষীয়ে। পাথাৰকান্দি সমষ্টিৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চলিছিল তীৰৰ বেহা কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক। কিন্তু মঙলবাৰে হঠাতে সষ্টম হৈ উঠে আৰক্ষী। মঙলবাৰে বিয়লি পাথাৰকান্দি আৰক্ষীৰ এটা দলে কলকলিঘাট বজাৰত অভিযান চলাই স্থানীয় তীৰ খেলৰ দুগৰাকী বুকী ক্ৰমে উত্তম সোনাৰ আৰু কাজল তালুকদাৰক আটক কৰে।

পাথাৰকান্দিত তীৰৰ অবৈধ বেহা

বুকি দুজনৰ লগতে 20 হেজাৰ নগদ ধনসহ তীৰ খেলৰ বহি উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীয়ে বুকী দুজনক সোধ-পোচ চলাই আছে । ৰাইজৰ অভিযোগ অনুসৰি পাথাৰকান্দি সমষ্টিৰ য'তে-ত'তে তীৰ,জুৱা খেলৰ মুকলি বেহা চলিছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক সেইকাৰণে সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি গৈছে এনে ধৰণৰ অপৰাধসমূহ। আনহাতে মঙলবাৰৰ এই অভিযানৰ পিছত এনে অভিযান অব্যাহত থাকিব নে ইয়াতেই সামৰণি পৰিব ৰাইজৰ প্ৰশ্ন।


Last Updated : Jul 3, 2019, 8:42 AM IST

ABOUT THE AUTHOR

...view details