শিক্ষা বৃত্তিক লজ্জিত কৰা এজন শিক্ষক ! - পাথাৰকান্দি
বহু ছাত্ৰীৰ লগত শিক্ষকজনে এনে কাণ্ড সংঘটিত কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । শিক্ষকৰ এনে কাণ্ডৰ কথা অভিভাৱক সকলক ছাত্ৰীসকলে অৱগত কৰাৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷
কৰিমগঞ্জ, 8 চেপ্তেম্বৰঃ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ কুকিতলৰ পুতনি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সুৰেশ শৰ্মাৰ ওপৰত গুৰুত্বৰ অভিযোগ । অভিযোগ অনুসৰি শিক্ষকজনে বিদ্যালয়ত পাঠদানৰ বিপৰীতে সদায় ছাত্ৰী সকলক বেয়া ইংগিত দি আহিছে । বহু ছাত্ৰীৰ লগত শিক্ষকজনে এনে কাণ্ড সংঘটিত কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । শিক্ষকৰ এনে কাণ্ডৰ কথা অভিভাৱক সকলক ছাত্ৰীসকলে অৱগত কৰাৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ অভিভাৱক সকলে বিদ্যালয়ৰ পৰিচালন সমিতিক আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিক এই বিষয়ে অৱগত কৰে ৷ ইয়াৰ পিছতেই এখন বিচাৰ সভা অনুষ্ঠিত হয় আৰু শিক্ষকজনক চমজাই দিয়ে হয় বাজাৰিছৰা আৰক্ষীক ৷ আৰক্ষীয়ে বৰ্তমান সোধপোচ অব্যাহত ৰাখিছে ৷