কৰিমগঞ্জ,৩১ আগষ্ট :ৰাষ্ট্ৰীয় টিভি চেনেলৰ পৰ্দাত পুনৰ অভিনয়ৰ সুযোগ লাভ কৰিছে অসমৰ সন্তানে । এইবাৰ 'ষ্টাৰ জলসা'(Star Jalsha) নামৰ চেনেলটোৰ এখন ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ পাইছে কৰিমগঞ্জৰ এগৰাকী যুৱতীয়ে । লক্ষণীয়ভাৱে বিভিন্ন ক্ষেত্ৰত অসম তথা উত্তৰ-পূৱৰ প্ৰতিভাই ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । অভিনয় ক্ষেত্ৰখনতো ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৱৰ বহু যুৱক-যুৱতীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ।
এইবাৰ বাংলা ভাষাৰ জনপ্ৰিয় চেনেল ষ্টাৰ জলসাৰ 'শ্ৰীকৃষ্ণ ভক্ত মীৰা' (Shree Krishna Bhakto Meera) শীৰ্ষক এখন ধাৰাবাহিকত অভিনয় কৰিছে কৰিমগঞ্জৰ তনুশ্ৰীয়ে । প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ নিশা ৯ বজাত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকত অভিনয়ৰ বাবে সুযোগ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ উঠিছে অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে আত্মীয় ।