কৰিমগঞ্জ, 10 জুলাই : আজি পবিত্ৰ ঈদ-উজ-জোহা(Eid al Adha 2022) । সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ-উজ-জোহা বা ঈদ-উল-আজহা (Eid Ul Adha celebrated in Assam)৷ সমাজৰ অসূয়া অশান্তি দূৰ হৈ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰা ডাল সু-দৃঢ় কৰাৰ উদ্দেশ্যে ইছালাম ধৰ্মাৱলম্বী লোকসকলে আল্লাহৰ ওচৰত দোৱা মাগিছে ৷
আজি পবিত্ৰ ঈদ-উজ-জোহা উপলক্ষে অসমৰ কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি শুল্ক বন্দৰ আৰু বাংলাদেশৰ শেওলা শুল্ক বন্দৰৰ জিৰ’ পইন্টত উভয় দেশৰ সীমা সুৰক্ষা বাহিনীয়ে এজনে আনজনক মিঠাই বিতৰণ কৰে (Sweet Distribution on Indian and Bangladesh borders)। ভাৰত আৰু বাংলাদেশৰ মাজত সু-সম্পৰ্ক বজাই ৰখাৰ হেতুকে বিএছএফ আৰু বিজিবিৰ মাজত বিতৰণ কৰা হয় এই মিঠাই ।