কৰিমগঞ্জ, 23 আগষ্ট :ৰাজ্যত আকৌ আৰক্ষীৰ জালত পৰিছে ৰোহিংগিয়া (Rohingya in Assam) ৷ এইবাৰ স্থান কৰিমগঞ্জৰ বদৰপুৰ ৷ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা আটক দুই সন্দেহজনক ৰোহিংগিয়া (Suspected Rohingya detained in Badarpur) ।
জানিব পৰা মতে, জম্মু কাশ্মীৰ পৰা এখন ৰে’লৰ জৰিয়তে বদৰপুৰলৈ আহিছিল সন্দেহজনক ৰোহিংগিয়া যুৱকদ্বয় (Suspected Rohingya detained in Karimganj) ৷ বদৰপুৰ ৰে’ল ষ্টেচনৰ এক নং প্লেটফৰ্মত ঘূৰি ফুৰা দেখি ৰে’ল আৰক্ষীৰ সন্দেহ ওপজে যুৱকদ্বয়ৰ ওপৰত ৷ তাৰ পাচতে ৰে’ল আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰে দুই যুৱকক ৷