অসম

assam

By

Published : Aug 14, 2020, 4:22 PM IST

ETV Bharat / state

কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা এলেকাত মৃতদেহ উদ্ধাৰ ৷ জংঘলত চিপ লৈ থকা অবস্থাত উদ্ধাৰ মৃতহেদটো ৷ উদ্ধাৰ হোৱা যুৱকজনৰ মৃতদেহটো মণিময় দাসৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

SUSPECTED MURDER RECOVERD IN ASSAM KARIMGANJ
কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জ, 14 আগষ্ট : 74 সংখ্য়ক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে অসম-ত্ৰিপুৰা এলেকাত সংঘটিত হৈছে চাঞ্চল্য়কৰ ঘটনা ৷ জংঘলত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱকৰ মৃতদেহ ৷ কৰিমগঞ্জৰ অসম মিজোৰাম আৰু ত্ৰিপুৰা সীমান্তৰ মাগুৰা এলেকাত সংঘটিত হৈছে উক্ত ঘটনা ৷

কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

ঘটনাৰ বিৱৰণ অনুসৰি, বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত ঝেৰঝেৰি এলেকাৰ মাগুৰাত সংঘটিত হৈছে এই ঘটনা । জংঘলত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে নিৰুদ্দেশ হোৱা এগৰাকী যুৱকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো মণিময় দাসৰ বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

ইফালে,পৰিয়ালৰ লোকে জনোৱা অনুসৰি,বৃহষ্পতিবাৰে খৰি আনিবলৈ জংঘলত প্ৰৱেশ কৰিছিল যুৱকজন আৰু তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল মণিময় দাস । পৰিয়ালৰ লোকে যুৱকজনক বিচাৰি সন্ধান অব্যাহত ৰাখিছিল যদিও শুকুৰবাৰে হঠাৎ যুৱকজনৰ মৃতহেদ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে, উদ্ধাৰ হোৱা মতদেহটো গছৰ লতাৰে উলমাই থোৱা আছিল বাবে মৃতহেদটো পৰিকল্পিত হত্যাকাণ্ড সংঘটিত হোৱা বুলিও পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

আনহাতে, বাজাৰিছড়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে, মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ইপিনে, উক্ত অঞ্চলত 6 আগষ্টত অনুৰূপ ঘটনা সংঘটিত হৈছিল । দোকানৰ ভিতৰৰ পৰা চিপ লৈ থকা অবস্থাত উদ্ধাৰ হৈছিল অপূৰ্ব দাস নামৰ এজন যুৱকৰ মৃতদেহ । অবশ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, উক্ত এলেকাত পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ ফলত অঞ্চলবাসীৰ মাজত চাঞ্চল্যৰ বিৰাজ কৰিছে ৷

লগতে পঢ়ক : ৰাঁচীত চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details