কৰিমগঞ্জ, 26 আগষ্ট:কৰিমগঞ্জৰ অৰ্জুনপুৰ গাঁৱৰ সমীপত অৱস্থিত ৰে'লপথৰ কাষতে বুধবাৰে পুৱাৰ ভাগত উদ্ধাৰ হোৱা এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ মৃতদেহটো স্থানীয় আব্দুল শুকুৰ নামৰ লোক এগৰাকীৰ বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি লোক গৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি সেই স্থানত পেলাই থৈ গৈছে ৷ কিয়নো লোকগৰাকীৰ মূৰত সুস্পষ্ট হৈ আছে আঘাতৰ চিন ৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, ড্ৰাইভিং লাইচেঞ্চৰ লগতে গাড়ীৰ ভিন্ন নথি-পত্ৰ বনাই দিয়া কামৰ লগত জড়িত আছিল লোকগৰাকী ৷ তিনি-চাৰিদিনৰ মুৰকত লোক গৰাকী ঘৰলৈ আহে আৰু লগত লৈ আহে নগদ টকাও ৷ কিন্তু বুধবাৰে পুৱা উদ্ধাৰ হোৱা আব্দুল শুকুৰ নামৰ লোক গৰাকীৰ মৃতদেহৰ কাষত নাছিল কোনো ধৰণৰ সামগ্ৰী ৷ যাৰ বাবে টকাৰ বাবেই কোনো দুৰ্বত্তই লোক গৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷