কৰিমগঞ্জ, 22 জুন :ৰাজ্যত আকৌ আৰক্ষীৰ জালত পৰিছে ৰোহিংগিয়া ৷ এইবাৰ বদৰপুৰত আৰক্ষীয়ে আটক কৰে 21 সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক । কৰিমগঞ্জ আৰক্ষীয়ে ৰোহিংগীয়া তথা বাংলাদেশীৰ বিৰুদ্ধে চলাই আছিল অভিযান (Operation against Bangladeshis and Rohingan nationals)৷
ইয়াৰ মাজতে বুধবাৰে কৰিমগঞ্জত BSF য়ে চলাই এক অভিযান ৷ এই অভিযানত BSF ৰ দলটোৱে আটক কৰে কেবাগৰাকীও বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক (Suspected Bangladeshis and Rohingan nationals arrested in Badarpur)। জানিব পৰা মতে, দলটোত আছে 9 জন পুৰুষ, 9 গৰাকী মহিলা আৰু 3 টা কিশোৰ-কিশোৰী ।