কৰিমগঞ্জ, 29 জুন : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত(Indo-Bangladesh border)ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । গৰু চুৰি কৰাৰ পিছত দুর্বৃত্তই জ্বলাই দিছে তিনিখনকৈ বাহন । উত্তৰ কৰিমগঞ্জ সমষ্টি(North Karimganj LAC)ৰ সাফালা গাঁৱৰ দক্ষিণ নান্দিদ্ৰামত সোমবাৰে নিশা সংঘটিত হৈছে এই ঘটনা । সম্প্ৰতি স্থানীয় ৰাইজে, চুবুৰীয়া দেশ বাংলাদেশৰ দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷
ঘটনা অনুসৰি, সোমবাৰে সাফালা গাঁৱৰ মকলিছুৰ ৰহমানৰ ঘৰৰ পৰা এজনী গাই গৰুৰ সৈতে এটা পোৱালি গৰু চুৰি হৈছিল ৷ একে সময়তে চুবুৰীয়া আশুক উদ্দিনৰ ঘৰত এখন অট’ৰিক্সা জ্বলি থকাৰ উমান পাই গাঁৱৰ ৰাইজ ঘৰৰ বাহিৰলৈ ওলালত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহে ৷ মকলিছুৰ ৰহমানৰ গৰু চুৰিৰ উপৰিও দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছিল দুখন মটৰ চাইকেল আৰু এখন অট’ৰিক্সাত ।
দুৰ্বৃত্তই এইদৰে অগ্নিসংযোগ কৰি থৈ যোৱা বাহনকেইখনৰ গৰাকী আছিল মকলিছুৰ ৰহমান আৰু তেওঁৰ চুবুৰীয়া আশুক উদ্দিন ৷