দক্ষিণ কৰিমগঞ্জ, 20 আগষ্টঃএন আৰ চিত সন্দেহজনক লোকৰ নাম সন্নিবিষ্ট হোৱাৰ তথ্য নিতৌ পোহৰলৈ আহিছে । এইবাৰ কৰিমগঞ্জত সংঘটিত হ'ল এক অনুৰূপ ঘটনা । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বান্দৰকোনা পঞ্চায়তৰ ময়নাআলা গাঁৱত পিতৃৰ মৃত্যুৰ দহ বছৰ পিছত জন্ম হৈছে পুত্ৰৰ । মৃত ব্যক্তিৰ পিতৃ পৰিচয়েৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছে আল কিবৰীয়া নামৰ এগৰাকী সন্দেহজনক বাংলাদেশী যুৱকৰ । আনহাতে আল কিবৰীয়া নামৰ যুৱকজনৰ এনআৰচি পৰ্যন্ত আছে নাম । সন্দেহজনক যুৱকৰ আছে বেংক একাউণ্ট, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ডকে ধৰি ইন্টাৰনেচনেল পাচপৰ্ট পৰ্যন্ত । বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ভোট কেন্দ্ৰ পৰ্যায়ৰ বিষয়া (বিএলঅ')ৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছিল বুলি ধাৰণা সচেতন মহলৰ ।
নাভূত-নাশ্ৰুত! পিতৃৰ মৃত্যুৰ দহ বছৰ পাচত পুত্ৰৰ জন্ম! - এন আৰ চিত সন্দেহজনক লোকৰ নাম সন্নিবিষ্ট
মৃত ব্যক্তিৰ পিতৃ পৰিচয়েৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছে আল কিবৰীয়া নামৰ এগৰাকী সন্দেহজনক বাংলাদেশী যুৱকৰ । আনহাতে আল কিবৰীয়া নামৰ যুৱকজনৰ এনআৰচি পৰ্যন্ত নাম আছে বুলি জানিব পৰা গৈছে ।
2019 চনৰ ভোটাৰ তালিকা প্ৰত্যক্ষ কৰাৰ পিছত একাংশ স্থানীয় লোকৰ নজৰত আহে বিষয়টো ।পঁচিশ বছৰীয়া আল কিবৰীয়াৰ পিতৃ হিচাপে দেখুওৱা হৈছে সৈয়ব আলী নামৰ এজন ব্যক্তি । আৰু এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছত তদন্তত নামি পৰে একাংশ লোক । য'ত দেখিবলৈ পোৱা যায় সৈয়ব আলীৰ মৃত্যু হৈছিল 1985 চনত আৰু সৈয়ব আলীৰ কেতিয়াও কোনো পুত্ৰ সন্তানেই নাছিল । আৰু তালিকাত নাম সন্নিবিষ্ট হোৱা যুৱকজনৰ বয়স হৈছে পঁচিশ । অৰ্থাৎ সৈয়ব আলীৰ মৃত্যুৰ দহ বছৰ পিছত জন্ম হৈছে পুত্ৰৰ ?
উল্লেখ্য যে, যুৱকজনৰ আশ্ৰয়দাতা মুজাম্মিল আলীক ৰাইজে সোধপোছ কৰাত তেওঁ নিজৰ আত্মীয় বুলি পৰিচয় দিছিল যুৱকজনক। আনহাতে মুজাম্মিল আলী হৈছে মৃত সৈয়ব আলীৰ জোৱাই । ইপিনে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত গাঁৱৰ লোকে পোন প্ৰথমে কৰিমগঞ্জৰ জিলাধিপতি এম মনিভন্নম'ৰ হাতত বিষয়টো সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । জিলাধিপতিৰ পৰামৰ্শমতে স্থানীয় আব্দুল ছত্তাৰ নামৰ এজন ব্যক্তিয়ে পাথাৰকান্দি আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীৰ তদন্ত আৰম্ভ হওঁতে যুৱকজনে গাঁও এৰি পলায়ন কৰে । আৰক্ষীয়ে সন্দেহজনক আল কিবৰীয়াৰ আশ্ৰয়দাতা মুজাম্মিল আলীক থানালৈ মাতি সোধপোছ অব্যাহত ৰাখিছে ৷