অসম

assam

By

Published : Feb 3, 2020, 5:51 PM IST

ETV Bharat / state

সাম্প্ৰদায়িকতাৰে ভোট বেংকৰ ৰাজনীতি কৰে বিজেপিয়েঃ সুস্মিতা দেৱ

সোমবাৰে কৰিমগঞ্জত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি বিজেপিক কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ৷ বিজেপিয়ে কেৱল ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িকতাৰে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

সুস্মিতা দেৱ
কৰিমগঞ্জ বিজেপিক কঠোৰ সমালোচনা সাংসদ সুস্মিতা দেৱৰ

কৰিমগঞ্জ, 3 ফেব্ৰুৱাৰীঃকৰিমগঞ্জত সোমবাৰে জনসভাত অংশগ্ৰহন কৰি নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি প্ৰসংগত বিজেপিক কঠোৰ সমালোচনা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ ৷ ধৰ্মৰ ভিত্তিত দেশক বিভাজন কৰাৰ ৰাজনীতি চলি আছে বুলিও জনসভাত মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ দুবছৰ পূৰ্বে যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা ভাৰতত আহি ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰীৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল, তেতিয়া শেখ হাচিনাক কথা দিয়া হৈছিল, ভাৰতৰ পৰা এজনকো বাংলাদেশীক উভতাই পঠোৱা ন'হব । কিন্তু বিজেপিয়ে কেৱল ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িকতা আৰু ভোট বেংকৰ ৰাজনীতি চলাই অহা বাবেই নাগৰিকত্ব সংশোধনী আইন ভাৰতত বলৱৎ কৰা বুলি কঠোৰ সমালোচনা কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

কৰিমগঞ্জ বিজেপিক কঠোৰ সমালোচনা সাংসদ সুস্মিতা দেৱৰ

আনহাতে, মোডীভক্তসকলে নাগৰিকত্ব আইনৰ পৰা আঁতৰি দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে এবাৰ ভাবিব লাগে বুলি মন্তব্য কৰে ৷ অসমত চৰকাৰী চাকৰি সন্দৰ্ভত সুস্মিতা দেৱে কয়, অসমত চৰকাৰী চাকৰি আবেদন কৰিব লাগিলে অসমীয়া জনাটো বাধ্যতামূলক বুলি সদৰী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু বৰাকবাসীয়ে অসমীয়া মাধ্যমত নপঢ়াকৈ কেনেকৈ অসমীয়া ভাষাত চাকৰি আবেদন কৰিব তাৰ উত্তৰ বিচাৰিছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ৷

আৰু পঢ়কঃ বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details