মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তেজনা - নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়
কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত উত্তেজনা । এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । চিকিৎসকৰ গাফিলতিৰ ফলত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ ।
মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তেজনা
কৰিমগঞ্জ,16 ছেপ্টেম্বৰঃ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত উত্তেজনাৰ সৃষ্টি হয় ৷
চিকিৎসকৰ গাফিলতিৰ ফলত মমতা বেগম নামৰ এগৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে ৰাইজে ৷ আনকি ৰোগীগৰাকীৰ মৃত্যুৰ পাছতো চিকিৎসকে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ অভিযোগো উত্থাপিত হৈছে ৷