অসম

assam

ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে সৰৱ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

বিগত সময়চোৱাত এই সমস্যা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে বিভাগটোক বাৰাম্বাৰ অৱগত কৰি অহাৰ পাছতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ পোহৰলৈ আহিছে ৷

supply-water-of-karimjang-in-bad-condition
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে সৰৱ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

By

Published : Aug 8, 2020, 6:33 PM IST

কৰিমগঞ্জ, 8 আগষ্ট: এইবাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে সৰৱ হ‘ল উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বিশুদ্ধ খোৱাপানী যোগানৰ নামত নামত কৰিমগঞ্জ চহৰত অত্যন্ত লেতেৰা পানী জন স্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰি থকাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷

যাৰ ফলতেই ক্ষোভিত বিধায়কগৰাকীয়ে কৰিগঞ্জৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিগত দুই তিনি মাহৰ পৰাই অতিমাত্ৰা লেতেৰা পানী যোগান ধৰি থকাৰ বিষয়ে অভিযোগ কৰে ৷

উল্লেখ্য যে, বিগত সময়চোৱাত এই সমস্যা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে বিভাগটোক বাৰাম্বাৰ অৱগত কৰি অহাৰ পাছতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ পোহৰলৈ আহিছে ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে সৰৱ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

অৱশেষত শনিবাৰে বিধায়কগৰাকীয়ে নিজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাৰ পাছত এই সমস্যা অতি সোনকালে সমাধান কৰা হ‘ব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: বিহাৰত বানৰ ভয়াৱহ ৰূপঃ এইপৰ্যন্ত মৃত্যু 23 জনৰ

ABOUT THE AUTHOR

...view details