অসম

assam

ETV Bharat / state

ৰাইজে আটক কৰা চুপাৰী কিলাৰৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

নিশা নিভিয়াৰ জালালাবাদ এলেকাৰ জনৈক ইমাম উদ্দিন নামৰ লোক এগৰাকীক হত্যা কাৰ উদ্দেশ্যে অহা এটা দলৰ, চাহাব উদ্দিন নামৰ এজন অভিযুক্ত চুপাৰি কিলাৰক আটক কৰি গুৰুতৰভাৱে প্ৰহাৰ কৰে স্থানীয় লোকে ৷ আটকাধীন অভিযুক্তই উল্লেখ কৰিলে কেতবোৰ গোপন কথা ৷

By

Published : Aug 19, 2020, 3:35 PM IST

চুপাৰি কিলাৰ
চুপাৰি কিলাৰ

কৰিমগঞ্জ, 19 আগষ্ট: কৰিমগঞ্জৰ নিভিয়াৰ ভূতৰপূল এলেকাত নিশা কোনো দুৰ্বৃত্তই সংঘটিত কৰে গুলীচালনা ৷ ৰাইজে গুলীচালনাত জড়িত থকাৰ অভিযোগত চাহাব উদ্দিন নামৰ এজন অভিযুক্ত চুপাৰি কিলাৰক গুৰুতৰভাৱে প্ৰহাৰ কৰে ৷ আটকাধীন চুপাৰি কিলাৰ চাহাব উদ্দিনৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটা পিষ্টল ৷ অভিযুক্ত চাহাব উদ্দিনে সংবাদ মাধ্যমৰ আগত খুলি ক'লে এগৰাকী লোকক হত্যাৰ বাবদ সিহঁতে কিমান টকাৰ চুপাৰি লয়, কোনে সিহঁতক পিষ্টলৰ যোগান ধৰে আদিৰ দৰে গোপন কথা ৷

আটকাধীন লোকজনে উল্লেখ কৰা অনুসৰি, কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভাৰ কিছুমান অঞ্চলত চলে কেতবোৰ অসামাজিক কাম ৷ অসামাজিক কামৰ বিৰুদ্ধে যদি কোনোৱে মাত মাতে তেন্তে ইজনে সিজনৰ বিৰুদ্ধে ব্যবসায়িক শত্ৰুতাৰ বাবে চুপাৰি কিলাৰৰ দ্বাৰা হত্যাৰ যড়যন্ত্ৰ কৰে বুলি অভিযোগ উত্থাপন কৰে ৷

কৰিমগঞ্জত আটক অভিযুক্ত চুপাৰি কিলাৰ

অভিযোগ অনুসৰি, নিভিয়াৰ জালালাবাদ এলেকাৰ জনৈক ইমাম উদ্দিন নামৰ লোকগৰাকীৰ সৈতে থকা ব্যবসায়িক শত্ৰুতাৰ বাবে, আত্মীয় নেনা ওৰফে চুফিয়ান আহমদে লৈ আহে চুপাৰি কিলাৰ ৷ অভিযুক্ত চুপাৰি কিলাৰ চাহাব উদ্দিনে উল্লেখ কৰা অনুসৰি, নেনাই আত্মীয় ইমাম উদ্দিনক হত্যাৰ বাবে অভিযুক্ত জনক প্ৰদান কৰিছিল ডেৰ লাখ টকাৰ চুপাৰি ৷ প্ৰয়োজন হ'লে পিষ্টল দিব বুলিও নেনাই অভিযুক্তক কৈছিল বুলি অভিযোগ কৰিছে ৷

পৰিকল্পনামতে নিশা ভূতৰপূল এলেকাত চাহাব উদ্দিনৰ দলে ইমাম উদ্দিনক লক্ষ্য কৰি এক ৰাউণ্ড গুলী নিক্ষেপ কৰিছিল যদিও, গুলী লগা নাছিল ইমাম উদ্দিনৰ শৰীৰত ৷ তেনে সময়তে ইমাম উদ্দিন নামৰ লোকগৰাকীয়ে চিঞৰ-বাখৰ কৰাত গাঁৱৰ লোক ওলাই আহি অভিযুক্ত চাহাব উদ্দিনক আটক কৰি প্ৰহাৰ কৰে ৷ কিন্তু পলাবলৈ সক্ষম হয় আটকাধীন অভিযুক্ত জনৰ লগত অহা আন কেইগৰাকী লোক ৷ ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত চাহাব উদ্দিনক পৰৱৰ্তী সময়ত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক:জুৰীয়াত বন কৰ্মীক আক্ৰমণ চোৰাং মাছমৰীয়াৰ

ABOUT THE AUTHOR

...view details