অসম

assam

By

Published : Nov 13, 2020, 12:33 PM IST

ETV Bharat / state

ধৰ্মনগৰত সোণসহ সৰবৰাহকাৰী আটক

উত্তৰ ত্ৰিপুৰা আৰক্ষীৰ জালত অবৈধ সোণ সৰবৰাহকাৰী। ধৰ্মনগৰত আৰক্ষীয়ে চলোৱা অভিযানত ১৫ লাখ টকা মূল্যৰ সোণৰ বিস্কুট জব্দ। ধৃত সৰবৰাহকাৰীটোৰ নাম নগেন্দ্ৰ দাস৷

ধৰ্মনগৰত সোণসহ সৰবৰাহকাৰী আটক
ধৰ্মনগৰত সোণসহ সৰবৰাহকাৰী আটক

কৰিমগঞ্জ, ১৩ নৱেম্বৰ: ধৰ্মনগৰত সোণৰ অবৈধ সৰবৰাহ। উত্তৰ ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিলে এটা সৰবৰাহকাৰী। আৰক্ষীয়ে ধৰ্মনগৰত অভিযান চলাই নগেন্দ্ৰ দাস নামৰ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে এটা সোণৰ বিস্কুট জব্দ কৰে।

ধৰ্মনগৰত সোণসহ সৰবৰাহকাৰী আটক

জব্দকৃত সোণৰ বিস্কুটটোৰ মূল্য প্ৰায় ১৫ লাখ টকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। বাংলাদেশলৈ সোণখিনি সৰবৰাহ কৰাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলায়। সৰবৰাহৰ চেষ্টা কৰোতেই নগেন্দ্ৰ দাস নামৰ সৰবৰাহকাৰীটোক আৰক্ষীয়ে আটক কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।


লগতে পঢ়ক:কৰিমগঞ্জত কোটি টকীয়া ৰাজহুৱা সভাৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details