অসম

assam

ETV Bharat / state

কৃপানাথ মাল্লাৰ ঘৰৰ সন্মুখত যুৱকৰ আত্মহত্যাৰ চেষ্টা

কৃপানাথ মাল্লাই ৰাতাবাৰী বিধানসভাৰ গান্ধীনগৰ জিপিৰ জৰীৰগোল গাঁৱত বিদ্যুত সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় ৷ ইয়াৰ প্ৰতিবাদত বিজিত দাস নামৰ এগৰাকী যুৱকে সাংসদগৰাকীৰ ঘৰৰ চৌহদত পেট্ৰ'ল ঢালি আত্মহননৰ চেষ্টা চলায়।

কৃপানাথ মাল্লাৰ ঘৰৰ সন্মুখত যুৱকৰ আত্মহত্যাৰ চেষ্টা

By

Published : Aug 20, 2019, 4:08 PM IST

কৰিমগঞ্জ, 20 আগষ্টঃ বিধানসভাৰ পূৰ্বৰ উপাধ্যক্ষ তথা কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই নিৰ্বাচনৰ পূৰ্বে ৰাতাবাৰী বিধানসভাৰ গান্ধীনগৰ জিপিৰ জৰীৰগোল গাঁৱত বিদ্যুত সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ আৰু প্ৰতিশ্ৰুতি অনুসৰিয়ে কেইবাখনো গাঁৱত বিদ্যুতৰ খুটা স্থাপন কৰিছিল। কিন্তু নিৰ্বাচনৰ পিচত বাস্তৱত পৰিণত নহ'ল এই প্ৰতিশ্ৰুতি ।

কৃপানাথ মাল্লাৰ ঘৰৰ সন্মুখত যুৱকৰ আত্মহত্যাৰ চেষ্টা

বিদ্যুৎ সংযোগ লাভ নকৰি বিজিত দাস নামৰ এজন যুৱকে কৃপনাথ মাল্লাৰ ঘৰৰ সন্মুখত পেট্ৰ'ল ঢালি আত্মহননৰ চেষ্টা চলায়। সাংসদ গৰাকীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ৰামকৃষ্ণনগৰ আৰক্ষী উপস্থিত হৈ আত্মহত্যাৰ চেষ্টা কৰা যুৱকক আটক কৰি থানালৈ লৈ যায়। পিচত সাংসদ কৃপানাথ মাল্লা থানাত উপস্থিত হৈ যুৱকজনক বুজাই ঘৰলৈ পঠায় দিয়ে ৷

ABOUT THE AUTHOR

...view details