অসম

assam

By

Published : Mar 16, 2020, 11:39 PM IST

ETV Bharat / state

কৰিমগঞ্জত শ্ৰদ্ধা জ্ঞাপন বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাক

সোমবাৰে পাথাৰকান্দিত শ্বহীদ সুদেষ্ণা সিনহাৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰে বিভিন্ন দল-সংগঠনৰ উপৰিও পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালে ৷ 1996 চনৰ আজিৰ দিনটোতে বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাই ৫০১ ঘন্টীয়া ৰে'ল অৱৰোধ আন্দোলন কৰি শ্বহীদ হৈছিল ৷

কৰিমগঞ্জ
কৰিমগঞ্জত শ্ৰদ্ধা জ্ঞাপন বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাক

কৰিমগঞ্জ, 16 মাৰ্চঃ সোমবাৰে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত পালন কৰা হয় শ্বহীদ সুদেষ্ণা সিনহাৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ কৰ'না ভাইৰাছৰ আতংক নেওচি সোমবাৰে পুৱা ভাগৰ পৰাই বিষ্ণুপ্ৰিয়া মনিপুৰী সম্প্ৰদায়ৰ বিভিন্ন সংগঠনে শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷ শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই পাথাৰকান্দি সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা সুদেষ্ণা সিনহাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে দল-সংগঠনসমূহে । আনহাতে, মহীয়সী নাৰী গৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালে ৷

কৰিমগঞ্জত শ্ৰদ্ধা জ্ঞাপন বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাক

উল্লেখ্য যে, 1996 চনৰ আজিৰ তাৰিখত অর্থাৎ ১৬ মার্চত পাথাৰকান্দিৰ কলকলিঘাঠ ৰে'ল ষ্টেচনত বিষ্ণুপ্ৰিয়া মনিপুৰি ভাষা ৰক্ষাৰ দাবীত ৫০১ ঘন্টীয়া ৰে'ল অৱৰোধ আন্দোলনত আৰক্ষীৰ গুলিত শ্বহীদ হৈছিল বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহা । মনিপুৰী ভাষা-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থতে বুকু পাতি গুলিবৃদ্ধ হৈছিল এই গৰাকী বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহা ৷

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত 'কা' বিৰোধী আন্দোলন

ABOUT THE AUTHOR

...view details