কৰিমগঞ্জ, 19 ছেপ্তেম্বৰ: কৰিমগঞ্জত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহণ কৰা SUCI ৰ সদস্য সকলে চৰকাৰ বিৰুধী বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে সমালোচনা কৰিলে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীকে ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ৷ কাগজ কল দুটা বন্ধ হৈ পৰাত কৰ্মচাৰীসকলৰ মাজত যি এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈ আক্ষেপ প্ৰকাশ কৰি অতি শীঘ্ৰে কাগজ কল দুটা মুকলি কৰি দিবৰ বাবে জনালে দাবী ৷
ৰাজ্যৰ কাগজ কল দুটি পুনৰ কাৰ্যক্ষম কৰা দাবীত SUCI ৰ প্ৰতিবাদ - SUCI Protest at Karimganj demanding to reopen of two peper mill
ৰাজ্যৰ জাগীৰোড আৰু পাঁচগ্ৰাম কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰা দাবীৰে শুকুৰবাৰে Socialist Unity Centre of India চমুকৈ SUCI য়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।
ৰাজ্যৰ কাগজ কল দুটি পুনৰ কাৰ্যক্ষম কৰা দাবীত SUCI ৰ প্ৰতিবাদ
উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাগজ কল দুটা মুকলি কৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া আজিলৈ বাস্তৱত পৰিলক্ষিত ন'হল ৷ আনহাতে কল কেইটা কাৰ্যক্ষম কৰিবলৈ বহু দল সংগঠনৰ লগতে কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও এতিয়ালৈ কোনো কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে অলপো গুৰুত্ব নিদিয়াত দল সংগঠনৰ লগতে কৰ্মচাৰীসকল অধিক ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে ।