কৰিমগঞ্জ, 20 মে’: কৰিমগঞ্জৰ এগৰাকী মেধাবী ছাত্ৰ, দেউতাক এগৰাকী সাধাৰণ পাচলি বিক্ৰেতা । কোনোমতে ঘৰ সংসাৰ চলাই গৈছে দেউতাকে । দেউতাকৰ পাচলি খেতিত সহায় কৰাৰ লগতে নিজৰ পঢ়া-শুনা চলাই গৈছিল কৰিমগঞ্জৰ ইলাশপুৰ পঞ্চায়তৰ তেঘৰীয়া গাঁও নামৰ এটা ভিতৰুৱা অঞ্চলৰ সুশীল দাস আৰু শিপ্ৰা ৰাণী দাসৰ পুত্ৰ অমৰ দাসে । অমৰ দাসে 87 শতাংশ নম্বৰৰ লগতে পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে । ঘৰৰ পৰা চাৰি কিলোমিটাৰ দুৰত থকা জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰতিদিনে খোজকাঢ়ি গৈছিল অমৰ ৷ কেৱল গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষকৰ বাহিৰে আন কোনো বিষয়ৰ শিক্ষক যোগান ধৰিব পৰা নাছিল অমৰৰ পিতৃয়ে ।
সফলতা আহৰণৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে - জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়
অমৰ দাসে 87 শতাংশ নম্বৰৰ লগতে পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে । ঘৰৰ পৰা চাৰি কিলোমিটাৰ দূৰত থকা জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰতিদিনে খোজকাঢ়ি গৈছিল অমৰ ৷
সাফলতা আহৰণৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে
লগতে পঢ়ক: ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান
নিশা কেৱল দুঘন্টা পঢ়া-শুনা কৰি কৃতিত্ব লাভ কৰা অমৰৰ সপোন এজন ইঞ্জিনিয়াৰ হোৱা । বৰ্তমানো পিতৃৰ লগত খেতিত ব্যস্ত ছাত্ৰজন ৷ চৰকাৰৰ ফালৰ পৰা বৰ্তমানো কোনো সাহায্য পোৱা নাই এই মেধাবী ছাত্ৰজনে ।