অসম

assam

ETV Bharat / state

NIT student commits suicide : NIT ত ছাত্ৰৰ আত্মহত্যা; সতীৰ্থৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ - শিলচৰৰ এন আই টিত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি

শিলচৰৰ এন আই টিত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ৷ আনকি প্ৰতিবাদকাৰী শিক্ষাৰ্থী ভাঙি লণ্ড-ভণ্ড কৰে আৰক্ষী, সাংবাদিক আৰু এন আই টি কৰ্তৃপক্ষৰ প্ৰায় দহখন ৷ অৱশ্যে বৰ্তমানো জানিব পৰা হোৱা নাই ছাত্ৰগৰাকীৰ আত্মহত্যাৰ কাৰণ ৷

NIT student commits suicide
শিলচৰৰ এন আই টিত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:54 PM IST

Updated : Sep 16, 2023, 2:23 PM IST

শিলচৰৰ এন আই টিত উত্তপ্ত পৰিস্থিতি

শিলচৰ, ১৬ ছেপ্টেম্বৰ : শুকুৰবাৰে নিশা শিলচৰৰ এন আই টিত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি শিলচৰৰ এন আই টিত সৃষ্টি হৈছে এই হুলস্থূলীয়া পৰিৱেশৰ ৷ মৃত ছাত্ৰজনৰ নাম কুচ বক্কৰ বুলি জানিব পৰা গৈছে ৷ শিক্ষক বি কে ৰয়ৰ বাবেই ছাত্ৰজনে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে এন আই টিৰ একাংশ শিক্ষাৰ্থীয়ে ৷

শিক্ষক বি কে ৰয়ক শাস্তি প্ৰদানৰ দাবীত এন আই টিৰ একাংশ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনকি শুকুৰবাৰে নিশা ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিচতেই এই ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে সাংবাদিক, আৰক্ষীকে ধৰি এন আই টি কৰ্তৃপক্ষৰ প্ৰায় দহখন গাড়ী ভাঙি লণ্ডভণ্ড কৰে ৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে লাঠি চার্জ কৰিবলৈ বাধ্য হয় ৷

এই ঘটনাৰ সন্দৰ্ভত তথ্য লাভ কৰাৰ পাচতেই উক্ত স্থানত উপস্থিত হয় জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, ৰঙিৰখাৰি আৰক্ষীৰ এটা দলো । তাৰ পাচত আৰক্ষীৰ দলটোৱে বুজ লয় সামগ্ৰিক পৰিস্থিতি ৷ জানিব পৰা মতে, এই ঘটনাৰ পাচতেই এন আই টিৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক বি কে ৰয়ক আৱদ্ধ কৰে ৷

অৱশ্যে পৰৱৰ্তী পৰ্যায়ত আৰক্ষী অধীক্ষক নোমল মাহাটোৰ বুজনিৰ অন্তত শিক্ষাৰ্থীসকলৰ মাজৰ পৰা শিক্ষক বি কে ৰয়ক মুকলি কৰি আনে ৷ ইয়াৰ পাচত নিশা প্ৰায় ১০ বজাত আৰক্ষী অধীক্ষকগৰাকীয়ে এন আই টিৰ চৌহদতে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে আলোচনাত বহে ৷ কিন্তু এই আলোচনাৰ সময়তেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।

এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি-চাৰ্জ আৰম্ভ কৰে ৷ আৰক্ষীৰ লাঠি-চাৰ্জৰ ফলত আৰু অধিক ক্ষুব্ধ হৈ পৰে প্ৰতিবাদী শিক্ষাৰ্থীসকল ৷ তথ্য অনুসৰি, প্ৰতিবাদী শিক্ষাৰ্থীয়ে সাংবাদিকৰ এখন চাৰিচকীয়া বাহন, ৪-৫ খন স্কুটি ভাঙি পেলায় ৷ বহু সময়ৰ অন্তত আৰক্ষী আৰু সেনা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Bishwakarma Puja 2023 : বিশ্বখনিকৰৰ মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মা লক্ষ্মী শিল্পালয়ৰ মৃৎশিল্পীসকল

Last Updated : Sep 16, 2023, 2:23 PM IST

ABOUT THE AUTHOR

...view details