বদৰপুৰ, ২৭ এপ্ৰিলঃ কৰিমগঞ্জত এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে, কৰিমগঞ্জৰ লামাজুয়া হাই মাদ্ৰাছাৰ দশম শ্ৰেণীৰ ছাত্ৰ মিনহাজুল হকৰ লগত বিদ্যালয় খনৰে এজন ছাত্ৰৰ কাজিয়া হৈছিল । এই কাজিয়া মিমাংসাৰ বাবে প্ৰধান শিক্ষক আব্দুল ৱাচিত চৌধুৰীয়ে নিজৰ কক্ষলৈ মাতি নি মিনহাজুলৰ ওপৰত উপৰ্যুপৰি প্ৰহাৰ চলোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ।
মাদ্ৰাছা ছাত্ৰৰ ওপৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰহাৰ - মিনহাজুল হক
কৰিমগঞ্জৰ লামাজুয়া হাই মাদ্ৰাছাৰ দশম শ্ৰেণীৰ ছাত্ৰ মিনহাজুল হকৰ ওপৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকে উপৰ্যুপৰি প্ৰহাৰ চলোৱাৰ অভিযোগ পৰিয়ালৰ
![মাদ্ৰাছা ছাত্ৰৰ ওপৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰহাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3125139-thumbnail-3x2-badar.jpg)
ETV BHARAT ASSAM
মাদ্ৰাছা ছাত্ৰৰ ওপৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰহাৰ
আৰু পঢ়ক বিশ্বকাপৰ বাবে আই পি এল ত্যাগ কৰি যাব বিদেশী খেলুৱৈ
ইতিমধ্যে আহত অবস্থাত শ্ৰী গৌৰী হাস্পতালত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় যদিও পিচত উন্নত চিকিৎসাৰ বাবে কৰিমগঞ্জ জিলা চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে পৰিয়ালৰ লোকে । উল্লেখ্য যে, ছাত্ৰ গৰাকীৰ পিতৃ আব্দুল হকে ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে বদৰপুৰ আৰক্ষী থানাত ।