অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ধুমুহাৰ তাণ্ডৱ

কৰিমগঞ্জত ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাই তচনচ কৰিছে জিলাখনৰ বিভিন্ন অঞ্চল ৷ বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ বন্ধ হৈ পৰে বিদ্যুত যোগান ৷

By

Published : May 24, 2021, 10:26 PM IST

strom-in-karimganj
কৰিমগঞ্জত ধুমুহাৰ তাণ্ডৱ

কৰিমগঞ্জ, 24 মে': কৰ’ণা মহামাৰীৰ সমান্তৰালকৈ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগে বিপৰ্যস্ত কৰি তুলিছে জন জীৱন ৷ এবাৰ যদি ভূমিকম্প আন এবাৰ আকৌ কাল ধুমুহা ৷ মুঠৰ ওপৰত লগ নেৰা হৈছে বিপদ ৷ কৰিমগঞ্জত ধুমুহাৰ তাণ্ডৱ । সোমবাৰে সন্ধিয়াৰ ভাগত অহা এজাক ধুমুহাই তচনচ কৰিছে জিলাখনৰ বিভিন্ন অঞ্চল ৷

ধুমুহাৰ ফলত ভাঙি গৈছে জিলাখনৰ ভালেসংখ্যক লোকৰ বাসগৃহ ৷ ঠায়ে ঠায়ে বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ প্ৰচণ্ড ধুমুহাৰ ফলত বহু ঠাইত বিদ্যুতৰ খুটা উঘালি পৰাৰ ফলত বন্ধ হৈ পৰে বিদ্যুত যোগান ৷ কেবাটাও ৰাজহ চক্ৰ এলেকাৰ পৰা আহিছে ক্ষয় ক্ষতিৰ খবৰ ।

লগতে পঢ়ক :নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details