কৰিমগঞ্জ, 3 ডিচেম্বৰ:কাটিগড়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰিলে একাংশ ছাত্ৰই । বুধবাৰে কালাইনত সংঘটিত এক দুৰ্ঘটনাত ৫ গৰাকীকৈ ছাত্ৰ নিহত হৈছিল । একমাত্ৰ প্ৰশাসনৰ হেমাহিৰ বাবেই এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।
আৰক্ষী বিষয়া আৰু বিধায়কৰ বিৰুদ্ধে কৰিমগঞ্জত ছাত্ৰৰ প্ৰতিবাদ - কৰিমগঞ্জত ছাত্ৰৰ প্ৰতিবাদ
কাটিগড়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰিলে একাংশ ছাত্ৰই । বুধবাৰে কালাইনত সংঘটিত এক দুৰ্ঘটনাক কেন্দ্ৰ সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ।
আৰক্ষী বিষয়া আৰু বিধায়কৰ বিৰুদ্ধে কৰিমগঞ্জত ছাত্ৰৰ প্ৰতিবাদ
সেই ঘটনাৰ পাচতে ঘটনাস্থলীত এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল । স্থানীয় বিধায়ক অমৰ জৈনৰ সৈতে প্ৰতিবাদকাৰীসকল বাক-বিতণ্ডাত লিপ্ত হোৱাৰ বাবে বিধায়কগৰাকীৰ অভিযোগৰ ভিত্তিত এগৰাকী ছাত্ৰক কাটিগড়া আৰক্ষীয়ে আটক কৰে । যাৰ বাবে বৃহস্পতিবাৰে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী ।
লগতে পঢ়ক:কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকীকৈ ছাত্ৰ