কৰিমগঞ্জ, 23মেঃ লক ডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ বহু লোক আৱদ্ধ হৈ থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে চৰকাৰে ৰেলযোগে বহুলোকক ওভতাই অনাৰ বাবে ব্যৱস্থাও কৰিছে ৷ তেনে সময়তেই বহিঃৰাজ্যৰ পৰা শুকুৰবাৰে নিশা কৰিমগঞ্জত উপস্থিত হয় ৯ গৰাকী লোক । উপস্থিত হোৱা লোক সকল দিল্লী, উত্তৰ প্ৰদেশ, কলকাতা আৰু বিহাৰত আৱদ্ধ হৈ আছিল । তেওঁলোক বদৰপুৰত ৰেলযোগে উপস্থিত হয় ।
বহিঃৰাজ্যত আৱদ্ধ ৯ গৰাকী নিশা কৰিমগঞ্জত উপস্থিত - Stranded 19 people reached Karimganj by train
বহিঃৰাজ্যৰ পৰা শুকুৰবাৰে নিশা কৰিমগঞ্জত উপস্থিত হয় ১৯গৰাকী লোক । এই লোকসকল দিল্লী, উত্তৰ প্ৰদেশ, কলকাতা আৰু বিহাৰত আৱদ্ধ হৈ আছিল বুলি জানিব পৰা গৈছে ।
![বহিঃৰাজ্যত আৱদ্ধ ৯ গৰাকী নিশা কৰিমগঞ্জত উপস্থিত ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7312246-thumbnail-3x2-k.jpg)
বহিঃৰাজ্যত আৱদ্ধ ৯ গৰাকী নিশা কৰিমগঞ্জত উপস্থিত
বহিঃৰাজ্যত আৱদ্ধ ৯ গৰাকী নিশা কৰিমগঞ্জত উপস্থিত
বদৰপুৰৰ পৰা বিশেষ বাছযোগে কৰিমগঞ্জলৈ জিলা প্ৰশাসনৰ লোকে তেওঁলোকক লৈ যায় । তেওঁলোকক ৰেল ষ্টেচনত পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হয় । বৰ্তমান তেওঁলোকক কৰিমগঞ্জ চহৰৰ হোটেলত কোৱাৰেন্টাইনত ৰখা হৈছে । ইয়াৰ মাজৰে তিনিজনক সূতাৰকান্দি ট্ৰেড চেন্টাৰলৈ লৈ যোৱা হ'ব বুলি জানিবলৈ দিয়ে সদৰ থানাৰ আৰক্ষী বিষয়াই ।
লগতে পঢ়ক-কুৱাৰ ভিতৰত উদ্ধাৰ 9গৰাকী শ্ৰমিকৰ মৃতদেহ