ধুমুহাত ঘৰ-বাৰি উচন হোৱা দুই পৰিয়ালে দুবছৰে নাপালে চৰকাৰী সাহায্য
দুবছৰ আগতে ধুমুহাৰ তাণ্ডৱত ঘৰ-বাৰী লৈ যোৱা পাথাৰকান্দি বিধানসভা সমষ্টিৰ লঙ্গাই চাহ বাগিচাৰ নাজমা খাতুন আৰু হৰিদাস পানীকা নামৰ দুগৰাকী দৰিদ্ৰ লোকে আবেদন দিয়াৰ পাচতো আজি পৰ্যন্ত নাপালে চৰকাৰী সাহায্য
পাথাৰকান্দি,30 জুলাই : চৰকাৰী তালিকাত নাম থকাৰ পিছতো ৰাজ্যত চৰকাৰী দুৰ্যোগ সাহায্যৰ পৰা বঞ্চিত বহুলোক ৷ আজিৰ পৰা দুবছৰ আগত ধুমুহাৰ তাণ্ডৱত ঘৰ-বাৰী লৈ গৈছিল পাথাৰকান্দি বিধানসভা সমষ্টিৰ লঙ্গাই চাহ বাগিচাৰ নাজমা খাতুন আৰু হৰিদাস পানীকা নামৰ দুগৰাকী দৰিদ্ৰ পৰিয়ালৰ। পিছত দৰিদ্ৰ লোক দুগৰাকীয়ে সাহায্যৰ বাবে আবেদন জনাইছিল পাথাৰকান্দি চক্ৰ অধিকাৰীকৰ কাষত। আবেদন কৰাৰ দুমাহৰ মূৰত এখন তালিকা ওলাই যি তালিকাখনত নাম আছিল এই দুগৰাকীৰ ৷ কিন্তু আজি দুবছৰে তেওঁলোকে পোৱা নাই কোনো চৰকাৰী সাহায্য। স্থানীয় বিধায়ক কৃশেন্দু পালৰ কাষলৈ বহুবাৰ যোৱাৰ পিছতো পালে মাথো প্ৰতিশ্ৰুতি ৷ উল্লেখযোগ্য যে এই পৰিয়াল দুটাৰ নামত 95 হেজাৰ টকা আবন্টন দিছিল চৰকাৰে ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে একেলগে অনুমোদিত তালিকাত অন্তৰ্ভুক্ত এই দুগৰাকী বাদ দি কেনেকৈ বাকী সকলে পালে এই চৰকাৰী সাহায্য,ক'ত গ'ল এওঁলোকৰ নামত আবণ্টন হোৱা ধন নে ইয়াতো সংঘটিত হৈছে কোনো কেলেংকাৰী ৷ গতিকে এই বিষয়টো সংবাদ মাধ্যমৰ যোগেদি জিলা উপায়ুক্তৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ক্ষতিগ্ৰস্ত পৰিয়াল দুটাই ৷