কৰিমগঞ্জ,23জানুৱাৰী : ঘৰৰ ভিতৰৰ আলমিৰাত নহয়,এইবাৰ কেইবালাখ টকাৰ সোণৰ গহনাসহ নগদ ধন ওলাল মাটিৰ তলত ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱতি নিশা ৰাতাবাৰীৰ আনিপুৰ অঞ্চলৰ ৰাজেশ নাথ নামৰ এজন লোকৰ বাসগৃহত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে চুৰি কৰি লৈ গৈছিল কেইবালাখ টকাৰ সোণৰ গহণাসহ নগদ ধন ৷ ইয়াৰ পিছতে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাতাবাৰী থানাত গোচৰ ৰুজু কৰা হয় ৷
কৰিমগঞ্জত মাটিৰ তলত ওলাইছে স্বৰ্ণ অলংকাৰ - ৰাতাবাড়ি
ঘৰৰ ভিতৰৰ আলমিৰাত নহয়, এইবাৰ কেইবালাখ টকাৰ সোণৰ গহনাসহ নগদ ধন ওলাল মাটিৰ তলত ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত ৷ ঘটনাৰ লগত জড়িত দুই চোৰক আটক কৰি চুৰি সামগ্ৰী উদ্ধাৰ আৰক্ষীৰ ৷
ইপিনে,এই সমগ্ৰ চুৰিকাণ্ডৰ তদন্ত কৰি বিহাইৰডালাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছেলিম উদ্দিনে তেওঁৰ গাঁৱৰে দুই যুৱক ছালেম উদ্দিন আৰু ছাব্বিৰ উদ্দিন সমগ্ৰ চুৰিকাণ্ডটোৰ সৈতে জড়িত বুলি তথ্য লাভ কৰে ৷ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছেলিম উদ্দিনে দুই যুৱকৰ তথ্য ৰাতাবাৰী আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে দুয়োজন যুৱকক আটক কৰি অভিযান চলায় ৷ তদুপৰি আৰক্ষীৰ জেৰাত দুয়োজন যুৱকৰ পত্নীয়েও আৰক্ষীৰ আগত চুৰিকাণ্ডৰ কথা স্বীকাৰ কৰি মাটি খান্দি পুতি থোৱা চুৰি সামগ্ৰী সমূহ দেখুৱাই দিয়াত আৰক্ষীয়ে সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, গাঁওৰক্ষী বাহিনীৰ লগতে আৰক্ষী বিভাগৰ ক্ষীপ্ৰ তদন্তক শলাগ লৈছে অঞ্চলবাসী ৰাইজে ৷
লগতে পঢ়কঃগহপুৰৰ বালিজানত পথ দুৰ্ঘটনাত নিহত দুগৰাকী বেংক কৰ্মচাৰী