কৰিমগঞ্জ, 24 ডিচেম্বৰ :কৰিমগঞ্জত অনুষ্ঠিত হৈ থকাৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত হয় নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান ডাঙি ধৰে ৷ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে ৷
সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক এক মাহৰ ভিতৰত 20 হাজাৰ শিক্ষকক নিযুক্তি, 1.72 লাখ মহিলা আত্মসহায়ক গোটক কনকলতা আঁচনি প্ৰদান, চাহ বাগিছাত 1300 খন হাইস্কুল নিৰ্মাণ আদিৰ দৰে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ কথাও ঘোষণা কৰে ৷