কৰিমগঞ্জ,8 জুন: কৰিমগঞ্জত পুনৰ অবৈধ বেদখলকাৰী (illegal land acquisition )ৰ ওপৰত চলিল বন বিভাগ(Forest department) ৰ বুলড’জাৰ । এইবাৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী এলেকাত দীৰ্ঘদিনৰ পৰা বন বিভাগৰ মাটিত দোকান-ঘৰ নিৰ্মাণ কৰি ব্যৱসায় কৰি অহা পোন্ধৰটাকৈ ঘৰ ভাঙি বন বিভাগে ভূমি বেদখলমুক্ত কৰে ।
উল্লেখ্য যে, বিগত 28 মে’ আৰু 2 জুনত লংগাই সংৰক্ষিত বনাঞ্চল (Reserved Forest) ত উচ্ছেদ (Eviction) অভিযান চলাই বন বিভাগে 28 টা অবৈধ বাসগৃহ ভাঙি প্ৰায় 60 হেক্টৰ বনাঞ্চলৰ মাটি বেদখলমুক্ত (acquisition free forest land) কৰিবলৈ সক্ষম হয় । অৱশ্যে উচ্ছেদৰ বিৰোধী দল আৰু বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।