অসম

assam

ETV Bharat / state

কৰিমগঞ্জতো ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ - Started the process of delivering the covid vaccine

অন্যান্য প্ৰান্তৰ লগতে কৰিমগঞ্জতো আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ মুঠ ৩,৩৪৮ গৰাকী স্বাস্থ্য কৰ্মীক প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন ৷

কৰিমগঞ্জতো ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ
কৰিমগঞ্জতো ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

By

Published : Jan 17, 2021, 7:48 AM IST

কৰিমগঞ্জ,17 জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জতো শনিবাৰৰ পৰা আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ জিলাখনৰ জিলা সদৰ আৰু পাথাৰকান্দি স্বাস্থ্য কেন্দ্ৰত প্ৰদান কৰা হৈছে এই ভেকচিন ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ ৩,৩৪৮ গৰাকী স্বাস্থ্য কৰ্মীক ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব যদিও, শনিবাৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ১০০ গৰাকী স্বাস্থ্য কৰ্মীক প্ৰদান কৰা হয় ক'ভিড ভেকচিন ৷

কৰিমগঞ্জতো ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

উল্লেখ্য যে, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ যুটিয়া স্বাস্থ্যসঞ্চালক গৰাকীয়ে প্ৰথমে এই ভেকচিন গ্ৰহণ কৰি ভেকচিন প্ৰদানৰ এই কাৰ্যসূচী উদ্ধোধন কৰে ৷ উদ্ধোধনী অনুস্থানত কৰিমগঞ্জ জিলা উপায়ুক্ত আনবামুথান এম পি উপস্থিত থাকে ৷

লগতে পঢ়ক:বোকাখাতটো আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details