অসম

assam

কৰিমগঞ্জত 1 কোটি 89 লাখ টকীয়া পানী যোগান আঁচনিৰ আধাৰশিলা

By

Published : Oct 23, 2020, 7:38 PM IST

দক্ষিণ কৰিমগঞ্জৰ ৰূপাৰগুলত 1 কোটি 89 লাখ টকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন ৷ আঁচনিখনৰ পৰা প্ৰায় 30 হাজাৰ লোকে লাভ কৰিব আৰ্চেনিক মুক্ত পানী ৷

Started the new scheme at Karimganj
কৰিমগঞ্জত 1 কোটি 89 লাখ টকীয়া পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

কৰিমগঞ্জ,23 অক্টোবৰ:দক্ষিণ কৰিমগঞ্জৰ ৰূপাৰগুলত 1 কোটি 89 লাখ টকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন ৷ এই অভিলাষী আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে ৷ দীৰ্ঘদিন ধৰি তীব্ৰ জলসংকটত থকা দক্ষিণ কৰিমগঞ্জৰ বিভিন্ন গাঁৱৰ প্ৰায় 80 শতাংশ পানী যোগান আঁচনি বিকল হৈ আছিল ।

দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ৰূপাৰগুলত আধাৰশিলা স্থাপনৰ অন্তত বিধায়ক আৰু বিভাগীয় কতৃপক্ষ উপস্থিত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । সভাত বিধায়ক গৰাকীয়ে কয় যে, এই আঁচনিখনত 1 কোটি 89 লাখ টকা ধাৰ্য কৰা হৈছে ৷ উক্ত পানী যোগান আঁচনিখনৰ পৰা প্ৰায় 30 হাজাৰ লোকে আৰ্চেনিক মুক্ত পানী লাভ কৰিব ৷ বিশেষকৈ এই এলেকাৰ প্ৰধান সমস্যা আছিল আৰ্চেনিক যুক্ত পানী। কিন্তু এই অভিলাষী আঁচনিখনৰ পৰা এতিয়া সেই সমস্যা দুৰ হ'ব ৷ প্ৰায় দহ কিল'মিটাৰ দুৰত থকা লঙ্গাই নৈৰ পৰা পানী অনা হ'ব বুলি জনায় বিধায়ক গৰাকীয়ে।

লগতে পঢ়ক :দুৰ্নীতিঃ পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details