অসম

assam

ETV Bharat / state

বিশেষভাৱে সক্ষম চঞ্চলৰ চৰকাৰলৈ আহ্বান, আমাক থাকিবলৈ এটা ঘৰ দিয়ক ! - পেচাৰপাৰ গাঁওৰ বাসিন্দা চঞ্চল দাস

পিতৃক হেৰুৱাই কেৱল মাত্ৰ বৃদ্ধা মাতৃক লগত লৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে, বিশেষ সক্ষম শাৰীৰিকভাৱে অসুস্থ এগৰাকী যুৱকে ৷

বিশেষভাৱে সক্ষম চঞ্চলৰ চৰকাৰলৈ আহ্বান, আমাক থাকিবলৈ এটা ঘৰ দিয়ক !
বিশেষভাৱে সক্ষম চঞ্চলৰ চৰকাৰলৈ আহ্বান, আমাক থাকিবলৈ এটা ঘৰ দিয়ক !

By

Published : Aug 20, 2020, 4:23 AM IST

কৰিমগঞ্জ, 19 আগষ্ট :ঢেৰ মাহ পূৰ্বে পিতৃক হেৰুৱাই কেৱল মাত্ৰ বৃদ্ধা মাতৃক লগত লৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে, শাৰীৰিকভাৱে অসুস্থ বিশেষ সক্ষম এগৰাকী যুৱকে । ঘৰ এখন আছে যদিও বৰষুণ দিলে ফুটা টিনপাতৰে ভিতৰত সোমায় বৰষুণৰ পানী ।

60 শতাংশ বিকলাঙ্গ হোৱাৰ প্ৰমাণপত্ৰ আছে যদিও আজিলৈকে চৰকাৰী কোনো সা-সুবিধা লাভ নকৰিলে দুৰ্ভগীয়া চঞ্চল দাস নামৰ এগৰাকী 35 বছৰীয়া যুৱকে । মাকৰ কষ্ট হ'ব বুলি নিজেই ঘৰৰ পৰা 200 মিটাৰ তলত থকা খোৱাপানী নিজেই সংগ্ৰহ কৰে । বৰ্তমানে মাতৃ-পুত্ৰৰ চৰকাৰলৈ এটাই আহ্বান,জীয়াই থাকিবলৈ অন্তত এখন ঘৰ আৰু খোৱা পানীৰ ব্যবস্থা কৰি দিব লাগে ।

বিশেষভাৱে সক্ষম চঞ্চলৰ চৰকাৰলৈ আহ্বান

উল্লেখযোগ্য যে,দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তবৰ্তী ধলছৰা পঞ্চায়তৰ অন্তৰ্গত পেচাৰপাৰ গাঁওৰ বাসিন্দা চঞ্চল দাস জন্মৰ পিছৰে পৰাই শাৰীৰিকভাৱে বিশেষ সক্ষম । যাৰ বাবে বিশেষ কোনো কামকাজ কৰাটো চঞ্চল দাসৰ বাবে অসম্ভৱ । সেয়ে পাচলি খেতি কৰিয়ে কোনোমতে মাকৰ সৈতে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম । কি পঞ্চায়ত,কি সমষ্টিৰ বিধায়ক,কোনো এজনেও আজিলৈকে চকু তুলি চোৱা নাই চঞ্চল দাসৰ পৰিয়ালৰ প্ৰতি । সেয়ে বৰ্তমানে অসহায় বৃদ্ধা মাতৃয়ে চৰকাৰলৈ জনাইছে কাতৰ আহ্বান ৷

লগতে পঢ়কঃ জাতীয়তাবাদী ৰাজনৈতিক দল: আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

ABOUT THE AUTHOR

...view details