অসম

assam

ETV Bharat / state

কৰিমগঞ্জত পুত্ৰই প্ৰাণ ল'লে পিতৃৰ - কাঠৰ টুকুৰাৰে মুৰত প্ৰহাৰ কৰি হত্যা

পুত্ৰই দাবী কৰা হাত খৰচ দিবলৈ অমান্তি হোৱাটোৱেই কাল হ'ল পিতৃৰ ৷ কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি হত্যা পিতৃক ৷

কৰিমগঞ্জত পুত্ৰই প্ৰাণ ল'লে পিতৃৰ

By

Published : Sep 6, 2019, 1:53 PM IST

কৰিমগঞ্জ, 6 ছেপ্তেম্বৰঃকৰিমগঞ্জ জিলাৰ বাজাৰিছড়াত হৃদয়বিদাৰক ঘটনা ৷ বৃহস্পতিবাৰে পাষাণ পুত্ৰৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ'ল পিতৃৰ ৷ পুত্ৰই দাবী কৰা হাত খৰচৰ টকা দিবলৈ পিতৃ অমান্তি হোৱাৰ বাবেই কৰণ বাউৰি (22) নামৰ পাষণ্ড পুত্ৰই পিতৃ নাৰায়ন বাউৰি'ক (50) কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰে । স্থানীয় লোকে সংকটজনক অৱস্থাত নাৰায়ন বাউৰিক স্থানীয় হস্পিটালত লৈ নিয়ে যদিও হাস্পতালতেই তেওঁৰ মৃত্যু হয় ৷

মৰণোত্তৰ পৰীক্ষাৰ পাচত আৰক্ষীয়ে মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিছে যদিও এতিয়াও পলাতক অৱস্থাত আছে হত্যাকাৰী পুত্ৰ ৷

কৰিমগঞ্জত পুত্ৰই প্ৰাণ ল'লে পিতৃৰ

ABOUT THE AUTHOR

...view details