অসম

assam

ETV Bharat / state

কৰিমগঞ্জত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ - বদৰপুৰ সমষ্টিৰ বাশাইল নয়াগ্ৰাম

কৰিমগঞ্জৰ বদৰপুৰত লোমহৰ্ষক হত্যাকাণ্ড ৷ প্ৰথমে পাঁচমহীয়া সন্তান আৰু তাৰ পিছত পচি যোৱা অৱস্থাত উদ্ধাৰ মাতৃৰ মৃতদেহ ৷ স্বামী ঘৰৰ প্ৰতি সন্দেহৰ আঙুলি স্থানীয় ৰাইজ তথা মৃতকৰ পৰিয়ালৰ ৷

son and mother death body found at Karimganj
কৰিমগঞ্জত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

By

Published : Jul 23, 2020, 6:21 PM IST

কৰিমগঞ্জ,23 জুলাইঃ বদৰপুৰ সমষ্টিৰ বাশাইল নয়াগ্ৰামৰ কবিৰুন নেছায়ে ন বছৰ পূৰ্বে ইছলামিক ৰীতি অনুযায়ী কাটাখাল হুড়িয়াৰপাৰ গাঁওৰ হাছিম আলিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ বিয়াৰ পিছত প্ৰথমে ভালেই চলিছিল দুয়োৰে সংসাৰ ৷ কিন্তু অভিযোগ মতে,যোৱা মার্চ মাহৰ পৰা স্বামী হাছিম আলিয়ে যৌতুকৰ বাবে শাৰীৰিক নির্যাতন আৰম্ভ কৰে কবিৰুন নেছাৰ ওপৰত । বহুবাৰ কাজিয়াৰ মধ্যস্থতাও কৰা হৈছিল ৷ কিন্তু যোৱা ১৬ জুলাইত হাছিম আলি আৰু তেওঁৰ মাতৃয়ে মিলি কবিৰুন নেছাক পুনৰ শাৰিৰীক নিৰ্যাতন চলাই থকাৰ খবৰ পাই কবিৰুন নেছাৰ বৃদ্ধ পিতৃয়ে জীয়েকৰ খবৰ ল'বলৈ আহে হাছিম আলীৰ গৃহলৈ ৷ কিন্তু ঘৰলৈ আহি জীয়েক নাতিনীয়েকক নাপাই তেওঁলোকক ক'ত আছে সোধাত উলোটাই মাতৃ গৃহলৈ পঠাই দিয়া হৈছে বুলি পিতৃক ঘূৰাই পঠিয়াই দিছিল ৷ ইফালে পুনৰ ঘৰ আহি জোৱায়েকৰ কথা মিছা বুলি জানিব পাৰি হতাশ হৈ পৰে কবিৰুন নেছাৰ পিতৃ আৰু ইয়াৰ পিছতেই ১৯ জুলাইৰ দিনা জীয়েক কবিৰুন নেছা আৰু পাঁচ মাহৰ নাতি জুনাইদ আহমেদ নিখোজ হোৱাৰ সংক্ৰান্তত বদৰপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷

কৰিমগঞ্জত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

ইফালে ৰহস্যজনক ভাৱে ২০ জুলাই কাটাখাল ৰে'ল লাইনৰ কাষত এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় পাঁচ মাহৰ নাতি জুনেদৰ মৃতদেহ । ইয়াৰ পিছতে সকলোৰে সন্দেহৰ আঙুলি উঠে হাছিম আলিলৈ ৷ কেৱল জুনেদৰ মৃতদেহেই নহয় ২২ জুলাইত বদৰপুৰৰ মুগ্ৰপুৰত হাছিম আলীৰ আন এখন ঘৰৰ কাষত ৰাবাৰ বাগানৰ ওচৰত বস্তাত বান্ধি থোৱা অৱস্থাত কবিৰুন নেছাৰ পচা মৃতদেহ উদ্ধাৰ হয় ৷ কবিৰুন নেছাৰ পৰিয়ালৰ মানুহে মৃতদেহ কেইটা উদ্ধাৰৰ পিছতে খবৰ দিয়ে বদৰপুৰ আৰক্ষীক ৷ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বদৰপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া । তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৃতদেহকেইটা ৷

লগতে পঢ়কঃঅসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবেই খুড়ীয়েক দাৰে আক্ৰমণ

ABOUT THE AUTHOR

...view details