অসম

assam

ETV Bharat / state

ত্ৰিপুৰাত ভয়ংকৰ মানৱীয় সংকট, খাদ্য সংকট মৃত্যু শিশুসহ ছয়জনৰ - মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ দাম্ভিক মনোভাৱৰ বাবেই ত্ৰিপুৰাত মৃত্যুক সাবটি লৈছে শিশু বৃদ্ধা সহ ছয়জনকৈ লোক

ত্ৰিপুৰাত ভয়ংকৰ মানৱীয় সংকট

By

Published : Nov 6, 2019, 8:52 PM IST

Updated : Nov 6, 2019, 11:14 PM IST

23:07 November 06

ত্ৰিপুৰাত ভয়ংকৰ মানৱীয় সংকট

23:07 November 06

প্ৰদ্যুৎ কিশোৰৰ মন্তব্য

20:50 November 06

ত্ৰিপুৰাত খাদ্যৰ অভাৱত মৃত্যুক সাবটি লৈছে শিশু বৃদ্ধা ৷ 1997 চনতে মিজোৰামৰ ব্ৰু সম্প্ৰদায়ৰ এটা গোষ্ঠী শৰনাৰ্থী হিচাপে আহিছিল ত্ৰিপুৰালৈ ৷ মিজো লোকৰ সৈতে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পাচতেই ত্ৰিপুৰালৈ অহা ব্ৰু গোষ্ঠীৰ লোক এতিয়া ভূগিছে খাদ্য আৰু বাসস্থানৰ অভাৱত ৷

ৰ’নালড চাপাইৰ মন্তব্য

কৰিমগঞ্জ, 6 নৱেম্বৰঃত্ৰিপুৰাত সংঘটিত হৈছে ভয়াৱহ ঘটনা ৷ ভংগ হৈছে মানৱ অধিকাৰ ৷ খাদ্য়ৰ অভাৱত মৃত্যু হৈছে চাৰি শিশু আৰু দুজন বৃদ্ধৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, 1997 চনতে মিজোৰামৰ ব্ৰু সম্প্ৰদায়ৰ এটা গোষ্ঠী শৰনাৰ্থী হিচাপে আহিছিল ত্ৰিপুৰালৈ ৷ মিজো লোকৰ সৈতে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পাচতেই ত্ৰিপুৰালৈ অহা ব্ৰু গোষ্ঠীৰ লোক এতিয়া ভূগিছে খাদ্য আৰু বাসস্থানৰ অভাৱত ৷ত্ৰিপুৰাত  মানিক চৰকাৰক পৰাস্ত কৰি শাসনৰ গাদী দখল কৰিছিল বিপ্লৱ দেৱ নেতৃত্বাধীন বিজেপি চৰকাৰে  ৷ বিপ্লৱ দেৱ শাসনৰ গাদী দখল কৰাৰ পাচতেই কেন্দ্ৰীয় চৰকাৰ সৈতে আলোচনাৰ মাধ্যমৰে ব্ৰু গোষ্ঠীৰ লোকসকলক মিজোৰামলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ সৰ্বমুঠ 9 ব্যৱস্থাৰ মাধ্যমৰে ব্ৰু সকলক ত্ৰিপুৰালৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু নৱম প্ৰচেষ্টাৰ অন্তত কেৱল মাত্ৰ 125 পৰিয়ালৰ 700 লোকক হে মিজোৰামলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয় কেন্দ্ৰীয় চৰকাৰ ৷ অন্তিমটো প্ৰচেষ্টা ব্যৰ্থ হোৱাত তেওঁলোকৰ সাহাৰ্য বন্ধ কৰি দিছিল গৃহবিভাগে ৷ 

ইপিনে খাদ্যহীন, গৃহহীন ব্ৰু শৰনাৰ্থীসকল ওলাই আহিছে ৰাজপথলৈ ৷ প্ৰায় এসপ্তাহ ধৰি শৰনাৰ্থীসকলে বন্ধ কৰি থৈছে  আনন্দবাজাৰ-দাশ্বদা পথ ৷ ফলত ত্ৰিপুৰাৰ কাঞ্চন অঞ্চলত প্ৰশাসনে জাৰি কৰিছে ধাৰা 144 ৷

মিজো ব্ৰু পিপল'চ ফৰামৰ নেতা জানিবলৈ দিয়া মতে, খাদ্যৰ অভাৱত মাতৃৰ বকু শুকাই গৈছে ৷ গাখীৰৰ অভাৱত মৃত্যুক সাবটি লৈছে শিশু ৷ তৎক্ষণাত যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে মিজো ব্ৰু পিপল'চ ফৰামৰ নেতাই ৷ সমগ্ৰ ঘটনাসন্দৰ্ভত ত্ৰিপুৰাৰ ৰাজকুমাৰ প্ৰদ্যুৎ কিশোৰে বিপ্লৱ দেৱক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ কিন্তু দাম্ভিক মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ অটল নিজৰ স্থিতিত ৷ 

মিজোৰামৰ সাংসদ  ৰ’নালড চাপাই ব্ৰু সকলৰ পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰে এক প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ দাবী জনাইছে ৷ 

ইমানৰ পাচতো ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ মন্তব্য-প্ৰথমে ব্ৰু সকল উভতি যাওক মিজোৰামলৈ ৷ অন্য কোনো বিকল্প নাই, মিজোৰাম চৰকাৰে তেওঁলোকক সহায় প্ৰদান কৰিব ৷

Last Updated : Nov 6, 2019, 11:14 PM IST

ABOUT THE AUTHOR

...view details