কৰিমগঞ্জ,27মেঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰাক উপত্যকাতো যথেষ্ট হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ‘ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৰাকৰ তিনিখন জিলাৰ কৰ‘ণা আক্ৰান্ত ৰোগীসকলক শিলচৰ মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ ইপিনে উপত্যকাটোত ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে যথেষ্ট সমস্যাত পৰিছে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ ৷ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ক কোভিড চিকিৎসালয় হিচাপে ঘোষণা কৰা হৈছে যদিও বৰ্তমানলৈ চিকিৎসালয়খনত আৰম্ভ হোৱা নাই চিকিৎসা সেৱা ৷
কৰ‘ণা আক্ৰান্তৰ ৰোগীৰ বাবে শিলচৰ মেডিকেল কলেজত 50খন বিছনা আছে যদিও তিনিখন জিলা সামৰি 77 জন লোক আক্ৰান্ত হৈছে ৷ ইপিনে কৰিমগঞ্জৰ কোভিড-19 চিকিৎসালয়ৰ কাম সম্পূৰ্ণ নোহোৱাত বিপাঙত পৰিছে কৰিমগঞ্জ জিলা প্ৰশাসন । দেওবাৰে একেলগে ১৩ গৰাকী লোক কোভিড-১৯ চিনাক্ত হোৱাৰ পিছত চিন্তিত হৈ পৰা দেখা গৈছে কৰিমগঞ্জৰ জিলা উপায়ুক্তক ৷ এই কথাৰ উমান পাই কোভিড-১৯ ৰ বাবে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফোনযোগে কৰিমগঞ্জৰ কোভিড চিকিৎসালয়ৰ বিতং তথ্য ল'বলৈ শিলচৰৰ সাংসদক অনুৰোধ জনাইছিল ৷